![]()
অসম -নাগালেণ্ড সীমান্তঞ্চলৰ খটখটীত পুণৰ ড্ৰাগছ সৰবৰাহকাৰীলৈ উদ্দেশ্যি গুলী চলাবলৈ বাধ্য হ’ল অসম আৰক্ষী ৷বোকাজান মহকুমাৰ খটখটী আৰক্ষী থানা এলেকাত সংঘটিত হৈছে এই ঘটনা ৷ আৰক্ষীৰ গাড়ীৰ পৰা পলাই যোৱাৰ পথতে এইবাৰ আৰক্ষীৰ টাৰ্গেট হল নুৰ উদ্দিন নামৰ ড্ৰাগছ সৰবৰাহকাৰীটো ৷
উল্লেখযোগ্য যে 18 এপ্ৰিল তাৰিখে এটা যুটীয়া অভিযানকাৰী দলে খটখটী থানাৰ অন্তৰ্গত জনকপুখুৰী এলেকাত চলোৱা অভিযানত আৰক্ষীৰ দলটোৱে দহটা চাবোনৰ বাকচত লুকুৱাই থোৱা ৫০ লাখ টকাৰ ১০০ গ্ৰাম হেৰ’ইনৰ লগতে মহিলা সহ দুই সৰবৰাহকাৰীক আটক কৰে। 1

আৰক্ষীৰ তদন্তত নুৰ উদ্দিনৰ স্বীকাৰোক্তিত ডিমাপুৰত থকা সহযোগীক ধৰিবলৈ ডিমাপুৰলৈ লৈ গৈছিল খটখটি আৰক্ষীয়ে।
আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি ডিমাপুৰলৈ গৈ থকাৰ অৱস্থাতে সৰবৰাহকাৰী নুৰ উদ্দেনে ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওচৰতে আৰক্ষীৰ লোকক ধকা মাৰি হাবিৰ ফালে পলাবলৈ চেষ্টা কৰে।













