অজন্তা তালুকদাৰ, বোকাখাত, ১৩ অক্টোবৰঃ কেন্দ্ৰীয় চৰকাৰে ভাৰত পেট্ৰলিয়ামৰ ৬২,৬৫ শতাংশ শ্বেয়াৰ বিক্ৰীৰ লগে লগে অসম আন্দোলনৰ আঁঠ শতাধিক ছহীদৰ তেজৰ বিনিময়ত স্থাপিত নুমলীগড় তেল শোধনাগাৰ বিক্ৰী হ’ব বুলি সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ লগে লগে আৰম্ভ হৈছে বিভিন্ন প্ৰতিবাদ ৷ কিন্তু তাৰ মাজতেই যোৱা ১২ অক্টোবৰৰ বিয়লি বোকাখাত আৰক্ষী থানা মুকলি অনুস্থানত সম্পূৰ্ণ বিপৰীত মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ সোণোৱালে কয় যে নুমলীগড় তেল শোধনাগাৰ বিক্ৰীৰ কোনো তথ্য অসম চৰকাৰৰ হাতত নাই ৷ যি বাতৰি প্ৰকাশ হৈছে সেইয়া সংবাদ মাধ্যমৰহে প্ৰচাৰ ৷ অসমৰ জনগণৰ অনিষ্ট হ’ব পৰা কোনো পৰিপন্থী কাম সোণোৱাল চৰকাৰে নকৰে ৷
সাংবাদিকৰ আগত এই মন্তব্য মুখামন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ এতিয়া এই প্ৰশ্নই বিতৰ্কৰ ৰূপ লোৱাৰ পথত আৰু এই লৈ এতিয়া সচেতন মহলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ আনহাতে মৈত্ৰী আঁচনিৰ অধীনত নৱ নিৰ্মিত বোকাখাত আৰক্ষী থানাৰ ভৱন মুকলি কৰি লকআপত সোমাল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ তেওঁৰ লগতে সোমাল অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়া ৷ কিন্তু লগত সংগ দিয়া স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাই লকআপৰ সন্মুখৰ পৰাই উপভোগ কৰিলে সেই দৃশ্য ৷ দ্বায়িত্বশীল ভাৱমূৰ্তিৰ বাবে থানা সমূহৰ সৰ্বাংগীন উন্নয়ণ অভিযান আঁচনিৰ অধীনত পুনৰ নিৰ্মাণ কৰা বোকাখাত আৰক্ষী থানা মুকলি কৰি প্ৰতিটো কোঠা পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ কোঠা পৰিদৰ্শনৰ মাজতেই লকআপতো সোমাই চালে মুখ্যমন্ত্ৰীগৰাকী ৷ ১৯০৫ চনতে বৃটিছ শাসনৰ দিনতে প্ৰতিষ্ঠা হোৱা বোকাখাত আৰক্ষী থানা খনৰ উন্মোচনী সভাত বোকাখাত সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰা, টিংখাং সমষ্টিৰ বিধায়ক বিমল বৰা , আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া, ডি আই জি প্ৰশিক্ষণ শাখাৰ ৰাণা ভূঞা, দিলীপ দেৱ, বিজেপি নেতা দেৱ প্ৰদীপ বৰা, গোলাঘাটৰ আৰক্ষী অধীক্ষক পুস্পৰাজ সিং, উপায়ুক্ত ধীৰেণ হাজৰিকা আৰু আৰক্ষীৰ হাউচিং কৰ্পৰেচনৰ চেয়াৰমেন এ কে ঝা উপস্থিত থাকে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে মৈত্ৰী আঁচনিৰে নিৰ্মিত স্মাৰ্ট থানা হিচাপে আজি আনুষ্ঠানিকভাৱে মুকলি কৰিলেও এক কদৰ্যময় পৰিবেশত বাস কৰে দিনে ৰাতি কৰ্মৰত আৰক্ষীৰ বিষয়া আৰু জোৱানসকল ৷ ২৪ ঘন্টা কৰ্তব্য কৰাৰ পাছত অকনমান জিৰণীৰ বাবে আৱাসত সোমালেও বৰষুণৰ পানী বা ৰদৰ জিলিঙণিৰ বাবে জিৰণী ল’ব নোৱাৰে কৰ্মৰত চিপাহী আৰু বিষয়া সকলে ৷ আৰক্ষীৰ আৱাস সমূহো মেৰামতি বা নতুনকৈ নিৰ্মাণৰ প্ৰয়োজন আছে বুলি সচেতন মহলে মন্তব্য কৰে ৷