![]()
কাৰবি আংলঙত বসবাস কৰা গোৰ্খা সম্প্ৰদায়ৰ লোক সকলৰ আৰ্থ সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক আদি বিভিন্ন দিশৰ সমস্যাৱলীক সাঙুৰি শণিবাৰে বিয়লি ডিফুস্থিত জিলা প্ৰেছ ক্লাৱত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা চমুকৈ আগছুৰ কাৰবি আংলং জিলা সমিতিয়ে এক সংবাদমেলৰ আয়োজন কৰি গোৰ্খা সকলে সন্মূখীন হৈ অহা সমস্যাৱালীৰ ওপৰত অৱগত কৰে ৷
আগছুৰ কাৰবি আংলং জিলা সমিতিৰ সভাপতি, সাধাৰণ সম্পাদকদ্বয় ক্ৰমে, সুৰজ ছেত্ৰী আৰু দীপক দাহালে সংবাদমেলত সদৰি কৰে যে গোৰ্খা সকলৰ তিনিদফীয়া দাবী সন্দৰ্ভত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ ওচৰত স্মাৰক পত্ৰ অৰ্পন কৰিছিল যদিও মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আজিলৈকে আলোচনাৰ বাবে তেওঁলোকক আমন্ত্ৰণ কৰা নাই বুলি আক্ষেপ প্ৰকাশ কৰে ৷
কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদ গঠন কৰাৰে পৰাই পাহাৰীয়া জিলাখনত গোৰ্খা সকলৰ সম অৱদান আছে যদিও বিভিন্ন উন্নয়ণৰ দিশৰ পৰা গোৰ্খা সকল পিছ পৰি আছে ৷ নিৰ্বাচনৰ পূৰ্বে গোৰ্খা সকলক সুগ্ৰীৱ বালিৰ লগত তুলনা কৰিও গোৰ্খা সকলক মাহী আই দৃষ্টিৰে চোৱা হৈছে বুলি ক্ষোভ উজাৰে নেতাদ্বয়ে ৷
মেঘালয় সীমান্তঞ্চলত গোৰ্খা সকলৰ সুৰক্ষাৰ বাবে দাবী জনোৱা সত্বেও চৰকাৰে এখন পূৰ্ণ পৰ্যায়ৰ থানা স্থাপন নকৰিলে ৷ বিজ্ঞান সন্মতভাবে গোৰ্খা সকলৰ দৈনন্দিন জীৱন যাপন কৰিবলৈও চৰকাৰে একো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি অভিযোগ কৰে ৷
আনহাতে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদত কেৱল মনোনিত সদস্য দিয়েই গোৰ্খা সকলক সান্তনা দি আহিছে যদিও এইবাৰ পূব আৰু পশ্চিম কাৰবি আংলঙত গোৰ্খা সকলৰ দুজন গোৰ্খা প্ৰতিনিধিক নিৰ্বাচনত প্ৰতিদ্বন্ধিতা কৰাৰ সুযোগ দিয়াৰ বাবে দাবী জনায় আগছুৱে ৷
আগছুৱে কাৰবি আংলঙৰ বিভিন্ন প্ৰান্তত গৈ গোৰ্খা সকলক তেওঁলোকৰ অধিকাৰ সন্দৰ্ভত সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিব ৷ যিটো ৰাজনৈতিক দলে গোৰ্খা সকলৰ ৰাজনৈতিক অধিকাৰৰ লগতে সমস্যা সমাধানৰ সুনিশ্চিত কৰিব সেই দলকে আগছুৱে মুকলি সমৰ্থন জনাব বুলি কয় নেতাদ্বয়ে ৷
আনহাতে নিৰ্বাচনৰ সময়ত জনজাতি-অজনজাতি, হিন্দু-মুছলমানৰ ৰাজনীতি নকৰি উন্নয়ণৰ ৰাজনীতি কৰি ৰাইজৰ মাজত যাবলৈ আহ্বান জনায় আগছুৰ জিলা সভাপতি সুৰজ ছেত্ৰীয়ে ৷













