ASSAM TIMES POST
গুৱাহাটীঃ বগীবিল দলং মুকলি হোৱাৰ পাছত ইখনৰ পাছত সিখন ৰেলে সংযোগ স্থাপন কৰিছে উত্তৰ আৰু দক্ষিণপাৰৰ মাজত। সেই অনুসৰি অহা ১৬ অক্টোবৰৰপৰা জোনাইৰপৰা ডিব্ৰুগড়লৈ এখন নতুন ৰেলে চলাচল কৰিব।
মঙলবাৰে ৰেলমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মূৰ্কংচেলেক-ডিব্ৰুগড় পেছেঞ্জাৰ নামৰ ৰেলখন উদ্বোধন কৰিব। এই ৰেলখনে প্ৰতিদিনে পুৱা ৮.৪৫ বজাত মূৰ্কংচেলেকৰপৰা যাত্ৰা আৰম্ভ কৰি দুপৰীয়া ১২.১৫ বজাত ডিব্ৰুগড় ৰেল ষ্টেচনত উপস্থিত হ’ব।
একেদৰে বিয়লি ১.১৫ বজাত ডিব্ৰুগড়ৰপৰা ওভতনি যাত্ৰা আৰম্ভ কৰি বিয়লি ৪.৪৫ বজাত মূৰ্কংচেলেক ষ্টেচনত উপস্থিত হ’বহি ৰেলখন।













