ASSAM TIMES POST
গুৱাহাটীঃ গত ১০ অক্টোবৰত নতুন দিল্লীত নাগালেণ্ডৰ ৰাজ্যপাল আৰএন ৰবিৰে এনএছচিএন (আই-এম)ৰ বৈঠকত দুয়োপক্ষ ঐক্যমতত উপনীত হ’ব নোৱাৰাৰ পাছত অহা ১৮ অক্টোবৰত আন এখন বৈঠক অনুষ্ঠিত কৰা হৈছে।
বৈঠকখন আয়োজন কৰিছে চুবুৰীয়া ৰাজ্যখনৰ ৰাজ্যপাল তথা নগা শান্তি আলোচনাৰ ভাৰত চৰকাৰৰ প্ৰতিনিধি আৰু মধ্যস্থতাকাৰী আৰএন ৰবিয়েই। জানিবপৰা মতে, উক্ত দিনা তেওঁ ক’হিমাৰ জাফু হোটেলত প্ৰাথমিক পক্ষ, মণ্ডলীৰ নেতা আৰু সামাজিক সংগঠনসমূহৰ সৈতে আলোচনাত বহিব। ইয়াত নাগালেণ্ডৰ ১৪ টা নগা জনজাতিৰ প্ৰতিনিধি, মণিপুৰৰ ইউনাইটেড নগা কাউঞ্চিলৰ প্ৰতিনিধিয়ে ভাগ ল’ব।
এই বৈঠকলৈ আমন্ত্ৰণ জনোৱা হৈছে নাগালেণ্ড বেপ্টিষ্ট মণ্ডলী পৰিষদ আৰু নাগালেণ্ড গাঁও বুঢ়া ফেডাৰেচনৰ প্ৰতিনিধিকো। সেয়ে সকলো নিমন্ত্ৰিত লোক, সংগঠনক ইয়াত উপস্থিতি সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে ৰাজ্যপালজনৰ বিশেষ কৰ্তব্যৰত বিষয়াই। উল্লেখ্য, ১০ অক্টোবৰত অনুষ্ঠিত বৈঠকত পৃথক পতাকা আৰু সংবিধানৰ দাবীত অটল আছিল এনএছচিএন (আই-এম)।













