![]()
কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ মাজমজিয়া স্থিত শীতলাবাড়ী গাঁওৰক্ষী বাহিনীটো পুণৰ গঠন কৰা হয় ৷ শীতলাবাড়ী ৰেলৱে ট্ৰেকৰ ওচৰত থকা নেতাজী ক্লাৱত সমাজকৰ্মী অংকিত পালৰ পৌৰুহিত্যত এখনি অনুষ্ঠিত হৈ যায় ৷
ডিফু থানা কমিটিৰ উপ উপদেষ্টা কুমচিং টেৰণ, সভাপতি হেমাৰী তিমুঙ আৰু উপসভাপতি আব্দুল মতিন তালুকদাৰৰ উপস্থিত শীতলাবাৰীৰ পুৰণি সমিতিখনৰ পুণৰ গঠন কৰা হয় ৷ সাধন ৰঞ্জন দে, আৰু ভৱতোষ ভৌমিকক উপদেষ্টা, ৰঞ্জন পালক সভাপতি, প্ৰণৱ দে’ক উপসভাপতি, ,বিতু দাসক সাধাৰণ সম্পাদক আৰু পংকজ নাথক সহকাৰী সম্পাদক হিচাপেলৈ এখনি ২৫ জনীয়া শক্তিশালী সমিতি গঠন কৰা হয় ৷
সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত গাওঁৰক্ষী বাহিনীৰ থানা কমিটিৰ উপ উপদেষ্টা কুমছিং টেৰণে কয়যে, ডিফু থানা এলেকাত থকা গাওঁৰক্ষী বাহিনীৰ সদস্য সকলে আৰক্ষীৰ সহায়ক হোৱাকৈ আইন-শৃংখলা বৰ্তাই ৰখাত সদায় সংকল্পবদ্ধ ৷ সমাজত গা কৰি উঠা ড্ৰাগছৰ বিৰুদ্ধে গাওঁৰক্ষী বাহিকা সদায় সক্ৰিয় থাকিব লগতে ড্ৰাগছ ব্যৱহাৰকাৰী সকলক চিনাক্ত কৰি আইনৰ সহায়ত ব্যৱস্থা গ্ৰহণ কৰা হব বুলি কয় ৷













