![]()
অহা ২৮ এপ্ৰিলৰ পৰা ৪ মে’ লৈ ‘আজাদী কা অমৃত মহোৎসৱ উদযাপন’ উপলক্ষে মণিপুৰৰ ইম্ফলত অনুষ্ঠিত হ’ব লগীয়া উত্তৰ-পূৰ্বাঞ্চল ক্ৰিয়া মহোৎসৱত অংশ গ্ৰহণ কৰিবলগীয়া অসম ৰাজ্যিক মহিলা ফুটবল দলৰ বাবে কাৰ্বি আংলং জিলাৰ দক্ষ ৰেফাৰী হৰেণ ইংতিক সহকাৰী প্ৰশিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে।
অসম ফুটবল সন্থাই এক নিৰ্দেশনাযোগে এই কথা সদৰি কৰিছে বুলি জানিব পৰা গৈছে।













