ASSAM TIMES POST
গুৱাহাটীঃ দেশ প্ৰথম, দল দ্বিতীয় আৰু ব্যক্তি তৃতীয়।– ভাৰতীয় জনতা পাৰ্টিৰ এই নীতিক সাৰোগত কৰি আগবাঢ়ি যোৱা সত্বেও অৱশেষত দলৰপৰা বহিষ্কাৰ হ’বলগীয়া হোৱা নেত্ৰী মীৰা বৰঠাকুৰে জনপ্ৰিয় অভিনেতা তথা বিজেপি নেতা আৰু অসম চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ অধ্যক্ষ যতীন বৰাৰ বিৰুদ্ধে মহা বিস্ফোৰণ ঘটাইছে।
বৰঠাকুৰে মূলতঃ যতীন বৰাই বিজেপিত যোগদান কৰাৰ পূৰ্বে অভিনেতাজনৰ সৈতে হোৱা অভিজ্ঞতাৰ কিছু অংশ শেহতীয়াভাৱে জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকত শ্বেয়াৰ কৰিছে। বৰঠাকুৰৰ কথাৰে, ‘২০০৯ চন, তেতিয়া বিজেপিৰ বৰ ভাল সময় নাছিল অসমত। আমি কিবা পৰিৱৰ্তন কৰিব পাৰি নেকি বহু চিন্তা কৰি অসমৰ বহু শিল্পীৰ দুৱাৰে দুৱাৰে বিজেপিত যোগদান কৰিবলৈ অনুৰোধ কৰি ঘূৰি ফুৰিছিলো৷
দীনেশ দাস, নিপন গোস্বামী, যতীন বৰা, বিদ্যা সাগৰ ইত্যাদি ইত্যাদি৷ সকলোৰে উত্তৰ এটায়ে আছিল আমাক বিজেপিত যোগদান কৰিলে কি দিব? এতিয়াটো বিজেপিত একো নাই! যতীন বৰা ডাঙৰীয়াৰ পত্নীয়েটো আমাক বেয়াই পাইছিল, তেওঁক বিজেপিলৈ আনিব যোৱাৰ বাবেই চিধা প্ৰশ্ন কৰিছিল যতীন কিয় যাব, বিজেপিত কি আছে?’ কিন্তু সেইজন যতীন বৰায়ে ২০১৪ চনৰ পূৰ্বে অসমটো মোডী ঢৌ দেখি মীৰা বৰঠাকুৰক কিদৰে গেৰুৱা বসন পিন্ধিবলৈ খাটনি ধৰিছিল, সেই কথাও তেওঁ ফেচবুকতে লিখিছে।
এই সম্পৰ্কত মীৰা বৰঠাকুৰে লিখিছে, ‘…তেওঁ মোক নিজেই যোগাযোগ কৰিলে যে তেওঁক কোনো পলম নকৰাকৈ বিজেপিত যোগদান কৰাব লাগে, মানে বাইদেউ কিবা এটা কৰক! মই বৰ আন্তৰিকতাৰে আগবাঢ়ি সকলোৰে লগত যোগাযোগ কৰাত অৱশেষত যতীন বৰা গেৰুৱা হ’ল৷ এনে দিনো পাৰ কৰিছো যতীন বৰাই নাটকৰ মঞ্চৰ বিৰতিটো ফোন কৰে, বাইদেউ মোৰ যোগদান কেতিয়া হ’ব৷’ উল্লেখযোগ্য যে যতীন বৰা পৰিচালিত চলচ্চিত্ৰ ‘ৰত্নাকৰ’ চুপাৰ হিট হ’বলৈ গৈ থকা সময়তে মীৰা বৰঠাকুৰৰ এই বিস্ফোৰণে সম্প্ৰতি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।