![]()
আলফাৰ(স্বাঃ) ৰহস্যজনক একপক্ষীয় যুদ্ধবিৰতিৰ মাজতে নিতৌ নিষিদ্ধঘোষিত সংগঠনটোত যোগদানৰ ধুম উঠিছে৷ উজনি অসমৰ বিভিন্ন ঠাইৰ বহু যুৱক আলফাত যোগদান কৰিবলৈ আহি বিগত এটা বছৰত আৰক্ষীৰ দ্বাৰা আটকাধীন হৈ অহাৰ সময়তে আজি পুনৰ চৰাইদেউত আলফাত(স্বাঃ)যোগদান কৰিবলৈ অহা দুজন যুৱকক অসম ৰাইফলছৰ সেনায়ে আটক কৰে৷
আটকাধীন যুৱক দুজন হৈছে তিনিচুকীয়াৰ বৰডুমচাৰ বিক্ৰম মৰাণ(৩৩) আৰু গৌৰিসাগৰৰ ৰাজেশ গগৈ(২২)৷উল্লেখ্য, নগালেণ্ডৰ মন জিলা হৈ সংগঠনটোত যোগদানৰ বাবে অহা যুৱক দুজনে সোণাৰিত বাহৰ পাতি নগৰখনৰ ৰাজস্থান হোটেলত চাহ খাই থাকোঁতে অসম ৰাইফলছৰ জোৱানে যুৱক দুজনক আটক কৰে৷
আটকাধীন যুৱক দুজনক অসম ৰাইফলছে সোণাৰি আৰক্ষীক চমজাই দিয়ে৷ সম্প্ৰতি দুয়োজন যুৱকক সোণাৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷













