ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

স্বাধীনতাৰ অমৃত কালত কাৰ্বি আংলঙে শান্তি আৰু উন্নয়নৰ এক নতুন ভৱিষ্যতৰ দিশে আগবাঢ়িছে : মোদী

কামৰুল খান :

ASSAM TIMES POST by ASSAM TIMES POST
April 28, 2022
Reading Time: 1 min read
A A
0

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

এদিনীয়া ভ্ৰমণসূচীৰে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমত উপস্থিত হৈছে। প্ৰথম কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে পোনতে কাৰ্বি আংলঙৰ ডিফুত উপস্থিত হয় প্ৰধানমন্ত্ৰী৷ ডিফুত তেওঁ ‘শান্তি, সম্প্ৰীতি আৰু উন্নয়ন’ ৰেলী সম্বোধন কৰে।

ডিফুত তেওঁ 'শান্তি, সম্প্ৰীতি আৰু উন্নয়ন' ৰেলী সম্বোধন কৰে।উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম তথা কাৰ্বি আংলং সন্দৰ্ভত বিভিন্ন ইতিবাচক মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে৷ বিশেষকৈ কাৰ্বি আংলঙত শান্তিৰ পৰিবেশ উভতি অহাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয়, স্বাধীনতাৰ অমৃত কালত কাৰ্বি আংলঙেও শান্তি আৰু উন্নয়নৰ এক নতুন ভৱিষ্যতৰ দিশে আগবাঢ়িছে। ডিফুত আগবঢ়োৱা মোদীৰ ভাষণৰ

কাৰ্বি আংলঙে শান্তি আৰু উন্নয়নৰ এক নতুন ভৱিষ্যতৰ দিশে আগবাঢ়িছে : মোদী

সাৰাংশ :
*২৯৫০তকৈও অধিক অমৃত সৰোবৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন। এই সৰোবৰ ৰাজ্য চৰকাৰবোৰে ১১৫০ কোটি টকা ব্যয়েৰে বিকশিত কৰিব।

*ডিব্ৰুগড় কৰ্কট চিকিৎসালয়কে ধৰি ছয়খন কৰ্কট চিকিৎসালয় দেশবাসীৰ নামত উছৰ্গা প্ৰধানমন্ত্ৰীৰ।

*অসমৰ স্থায়ী শান্তি আৰু দ্ৰুত উন্নয়নৰ বাবে স্বাক্ষৰিত হৈছে কাৰ্বি চুক্তি। অস্ত্ৰ-শস্ত্ৰ এৰি ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে উভতি অহা লোকসকলৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হৈছে।

*ৰাষ্ট্ৰ আৰু চহৰ-গাঁৱৰ উন্নয়নৰ বাবে ৰাজ্যখনৰ উন্নয়ন অতি গুৰুত্বপূৰ্ণ। স্থানীয় প্ৰয়োজনীয়তা, স্থানীয় পৰিস্থিতি অনুসৰি উন্নয়নৰ পৰিকল্পনা প্ৰস্তুত কৰি তাৰ সঠিক ৰূপায়ণতহে গাঁৱৰ সঠিক বিকাশ সম্ভৱ।

*অসমত ২৬০০তকৈও অধিক অমৃত সৰোবৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। জনজাতীয় সমাজত এনে সৰোবৰসমূহৰ এক সমৃদ্ধ পৰম্পৰা আছে। এই সৰোবৰবোৰ কেৱল গাঁৱৰ বাবে পানীৰ ভাণ্ডাৰ নহয়, উপাৰ্জনৰো উৎস হৈ পৰিব।

*দ্বৈত ইঞ্জিন চৰকাৰে সকলোতেই ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰচেষ্টা’ৰ ভাৱনাৰে কাম কৰে। আজি কাৰ্বি আংলঙৰ এই ভূমিত এই সংকল্প পুনৰুজ্জীৱিত হৈছে। অসমৰ স্থায়ী শান্তি আৰু দ্ৰুত উন্নয়নৰ বাবে স্বাক্ষৰিত চুক্তিখন অনাৰ কাম দ্ৰুত গতিত আগবাঢ়িছে।

*এয়া এক সুখৰ কাকতালীয় ঘটনা যে আজি যেতিয়া দেশখনে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰি আছে, আমি এই পৃথিৱীৰ মহান পুত্ৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তীও উদযাপন কৰিছো। তেওঁৰ জীৱন দেশপ্ৰেমৰ অনুপ্ৰেৰণা। মই কাৰ্বি আংলঙৰ পৰা দেশৰ এই মহান নায়কজনক প্ৰণাম জনাইছোঁ।

*২০১৪ চনৰ পৰা উত্তৰ-পূৰ্বাঞ্চলত মানুহৰ বিকাশ হৈছে। আজি যেতিয়া কোনোবাই অসমৰ জনজাতীয় অঞ্চললৈ আহে, উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যলৈ যায়, পৰিস্থিতিৰ সলনি হোৱা দেখিব৷ এই পৰিস্থিতি সলনি হোৱাৰ বাবে ভাল লাগিছে৷
*যোৱা বছৰ ছেপ্টেম্বৰত কাৰ্বি আংলঙৰ কেইবাটাও সংগঠনে শান্তি আৰু উন্নয়নৰ বাবে মূলসুঁতিলৈ ঘূৰি আহিছে। ২০২০ চনত বড়ো চুক্তিয়ে স্থায়ী শান্তিৰ বাবে নতুন দুৱাৰ মুকলি কৰিছিল। অসমৰ উপৰি ত্ৰিপুৰাতো এনএলএফটিয়ে শান্তিৰ পদক্ষেপ গ্ৰহণ কৰাত প্ৰায় আঢ়ৈ দশক পুৰণি ব্ৰু-ৰেং সমস্যাও সমাধান হৈছে।

*আপোনালোকৰ মাজলৈ আহি আপোনালোকৰ প্ৰেম, ভালপোৱা দেখি ঈশ্বৰৰ আশীৰ্বাদৰ দৰে অনুভৱ হয়। পৰম্পৰাগত পোছাক পিন্ধি ইমান সংখ্যক লোক ইয়ালৈ আহিছে, তাৰ বাবে মই আপোনালোকক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

*স্বাধীনতাৰ এই অমৃত কালত কাৰ্বি আংলঙেও শান্তি আৰু উন্নয়নৰ এক নতুন ভৱিষ্যতৰ দিশে আগবাঢ়িছে। আমি ইয়াৰ পৰা পিছলৈ ঘূৰি চাব নালাগে। আগন্তুক কেইবছৰমানত আমি সেই উন্নয়নৰ লক্ষ্য পূৰণ কৰিব লাগিব যিটো বিগত দশকবোৰত কৰিব পৰা নাই।

কাৰ্বি আংলঙৰ ডিফুত উপস্থিত হয় প্ৰধানমন্ত্ৰী৷উল্লেখ্য, ডিফুৰ কাৰ্যসূচী সামৰি প্ৰধানমন্ত্ৰী ইতিমধ্যে ডিব্ৰুগড় অভিমুখে ৰাওনা হৈছে৷ তাত তেওঁ ৭খন নতুন কেন্সাৰ হস্পিটেলৰ আধাৰশিলা স্থাপনৰ লগতে বহুকেইটা নতুন প্ৰকল্প মুকলি কৰিব৷

Video courtesy by PM Narendra Modi official Facebook:

Tags: কাৰ্বি আংলঙৰ ডিফুত উপস্থিত হয় প্ৰধানমন্ত্ৰী৷
Share4Tweet3Send

Related Posts

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
ADVERTISEMENT
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
50
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
50
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া
National-International

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026
50
Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে
National-International

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx