![]()
কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ ১৯ নং ধনশিৰি পৰিষদীয় সমষ্টিত নিৰ্বাচনী বতাহ নিৰ্বাচনী অধিসুচন জাৰি হোৱাৰ পূৰ্বে ক্ৰমাৎ গৰম হৈ পৰিছে। যোৱা পৰিষদীয় নিৰ্বাচনত ১৯ নং ধনশিৰি পৰিষদীয় সমষ্টিত বৰ্তমানৰ পৰিষদৰ ই এম প্ৰদীপ ডিফুছাৰ বিৰুদ্ধে নিৰ্দলীয় ভাবে প্ৰতিদ্বন্দিতা আগবঢ়াই দ্বিতীয় স্থানত থাকিবলৈ সক্ষম হৈছে।
সেই একে উদ্দেশ্য আগত ৰাখি সমাগত পৰিষদীয় নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰিবলৈ প্ৰস্তুত হৈছে নিছ তেৰাংপী। আজি ডিফুৰ সমীপৱৰ্তী ৰংপ্লিমপ্লামত কমিউনিটি হ’ল ধনশিৰি পৰিষদীয় সমষ্টিৰ প্ৰায় ৩০ জনীয়া গাঁওবুঢ়া স্থানীয় সচেতন ৰাইজ আৰু জেষ্ঠ নাগৰিকৰ অংশ গ্ৰহণেৰে এক নিৰ্বাচনী সভা অনুষ্ঠিত হয়।
সভাখন পৌৰুহিত্য কৰে ৰিংছ’ৰংফাৰে। সভাত ৰিছ’ তেৰাংপীৰ সমৰ্থনত আৰু সমাগত পৰিষদীয় নিৰ্বাচনত তেৰাংপীক ভোট দি এগৰাকী শিক্ষিত আৰু সৎ ব্যক্তিক ভোট দান কৰিবলৈ ৰাইজক আহ্বান জনায়। নিচ’তেৰাংপীৰ নেতৃত্বত ধনশিৰি পৰিষদীয় সমষ্টিত অভূত পূৰ্ণ উন্নয়ণ হ’ব বুলি সভাত উপস্থিত থকা গাওঁবুঢ়াসকলে মন্তব্য কৰাৰ লগত ধনশিৰিত পৰিবৰ্তন বিচাৰে সভাত অংশগ্ৰহনকাৰী সকলে।
আনহাতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত নিৰ্দলীয় প্ৰাৰ্থী নিছ তেৰাংপীয়ে কয়যে, তেওঁ নিৰ্দলীয় ভাবে জয়ী হলেও শাসনত থকা দলৰ সৈতে থাকি ধনশিৰি পৰিষদীয় সমষ্টিৰ উন্নয়ন সাধন কৰিব ৷ এইবাৰৰ নিৰ্বাচনত সমষ্টিটোত উন্নয়ণৰ খাতিৰত ধনশিৰি বিভিন্ন জাতি জনগোষ্ঠীয়ে তেওঁক উন্নয়নৰ খাতিৰত জয়ী কৰাব বুলি স্পষ্ট আশাবাদী ৷













