ASSAM TIMES POST
গুৱাহাটীঃ অসমৰ জনজাতীয় লোকসকলক ৰাজ্য চৰকাৰে ব্যক্তিগত হিচাপে শতকৰা ৮০ শতাংশ ৰেহাই মূল্যত পাৱাৰ টিলাৰ প্ৰদান কৰিব। ইয়াৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে অসম ভৈয়াম জনজাতি উন্নয়ন নিগমে।
এয়া লাভ কৰিবলৈ অসমৰ বিভিন্ন জিলা আৰু মহকুমা সদৰত অৱস্থিত নিগমৰ ২৮ টা শাখা কাৰ্যালয়ৰ অধীনৰ লোকসকলে নিৰ্ধাৰিত আৱেদন পত্ৰৰ সৈতে জনজাতি সম্প্ৰদায়ৰ প্ৰমাণ পত্ৰ, বছৰেকীয়া উপাৰ্জনৰ প্ৰমাণ পত্ৰ (বছৰেকীয়া আয় ২ লাখ টকাৰ তলত হ’ব লাগিব), পাছপ’ৰ্ট জোখৰ ফটো আৰু ভোটাৰ পৰিচয় পত্ৰ জমা দিব লাগিব। জমা দিয়াৰ পূৰ্বে এই কাৰ্যালয়সমূহৰ সৈতে লোকসকলক যোগাযোগ কৰি ল’বলৈ আহ্বান জনাইছে নিগমে।













