ASSAM TIMES POST
গুৱাহাটীঃ যতীন বৰা পৰিচালিত চলচ্চিত্ৰ ৰত্নাকৰ অসমৰ সকলোবোৰ ছবিগৃহতে স-গৌৰৱৰে চলি থকাৰ মাজতে বুধবাৰে পৰিচালকজনে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ সৈতে ছবিখন উপভোগ কৰে।
গুৱাহাটীৰ অনুৰাধা ছবিগৃহত যতীন বৰা, জুবিন গাৰ্গৰ লগতে গায়কজনৰ পত্নী গৰিমা শইকীয়া গাৰ্গেও ছবিখন একেলগে উপভোগ কৰে। উল্লেখযোগ্য যে ৰত্নাকৰৰ সংগীত পৰিচালক হ’ল জুবিন গাৰ্গ।
যোৱা এটা মাহ ধৰি ইউৰোপ ভ্ৰমণত থকা জুবিন গাৰ্গে মঙলবাৰে গুৱাহাটীত উপস্থিত হয়হি। ছবিখন উপভোগ কৰি দুয়ো অনাগত দিনত আৰু অধিক ভাল কাম কৰিব বুলি কয়। উল্লেখযোগ্য যে প্ৰয়াত চলচ্চিত্ৰ পৰিচালক মুনীন বৰুৱাৰ সান্নিধ্য লাভৰে অভিনেতা যতীন বৰা আৰু গায়ক জুবিন গাৰ্গে অসমীয়া চলচ্চিত্ৰত এটা ধাৰা সৃষ্টি কৰিবলৈ সক্ষম হৈছিল।













