ASSAM TIMES POST
গুৱাহাটীঃ ভাৰতত জন্মগ্ৰহণ কৰা আৰু বৰ্তমান ইউনাইটেড আৰৱ এমিৰেটচৰ ব্যৱসায়ী বাভাগুথু ৰঘুৰাম ছেত্তীয়ে চলাবলৈ মন মেলিছে সম্প্ৰতি বন্ধ হৈ থকা নগাঁও আৰু কাছাৰৰ কাগজ কল দুটা। এই কথা শুকুৰবাৰে সংবাদ মাধ্যমক অৱগত কৰে খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। শেহতীয়াকৈ মন্ত্ৰীজনে কৰা আবু ধাবি ভ্ৰমণৰ সময়তে ব্যৱসায়ীজনক এই সম্পৰ্কত আহ্বান জনোৱাত ব্যৱসায়ীজনে সঁহাৰি জনাইছে। উল্লেখযোগ্য যে ইউএইৰ বহুকেইটা কোম্পানীৰ প্ৰতিষ্ঠাপক হৈছে এই ব্যৱসায়ীজন। তেওঁ অসমৰ ১৬খন চাহ বাগিচাৰো গৰাকী। মন্ত্ৰী তেলীয়ে সদৰী কৰা অনুসৰি শীঘ্ৰেই ব্যৱসায়ীজনে এই কাৰ্যত মনোনিৱেশ কৰিব।













