ASSAM TIMES POST
নতুন দিল্লীঃ হিন্দু সমাজ পাৰ্টিৰ নেতা কমলেশ তিৱাৰীক শুকুৰবাৰে লক্ষ্ণৌস্থিত তেওঁৰ কাৰ্যালয়ৰ ভিতৰত গুলীয়াই হত্যা কৰে অচিনাক্ত দুৰ্বৃত্তই। এই ঘটনাৰ লগে লগে সমীপৱৰ্তী হাস্পতালত তেওঁক ভৰ্তি কৰোৱা হয় যদিও ডাক্তৰে তেওঁক মৃত বুলি ঘোষণা কৰে। ইয়াৰ পূৰ্বেও তেওঁক ছুৰিকাঘাত কৰা হৈছিল। ঘটনা সংঘটিত কৰিয়েই দুৰ্বৃত্তকেইটাই পলাই সাৰিবলৈ সক্ষম হয়। হিন্দু মহাসভাৰ সদস্য হিচাপেও এটা সময়ত কাৰ্যনিৰ্বাহ কৰা তিৱাৰীয়ে প্ৰায়ে বিতৰ্কিত মন্তব্য কৰি সংবাদ শিৰোনাম দখল কৰিছিল। সম্প্ৰতি আৰক্ষীয়ে ঘটনাটো সম্পৰ্কত তদন্ত আৰম্ভ কৰিছে।











