![]()
প্রায় ৩০ বছৰৰ কর্মজীৱনত ৬০ গৰাকীৰো অধিক ছাত্রীক যৌন নিগ্রহৰ অভিযোগ! কেৰালাৰ মলপ্পুৰম জিলাৰ অৱসৰপ্রাপ্ত শিক্ষক তথা স্থানীয় পৌৰসভাৰ চিপিএম কাউন্সিলৰ কেভি শশীকুমাৰক একাধিক নির্যাতিতাৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্রেপ্তাৰ কৰে।
চলিত বছৰৰ মার্চ মাহত মলপ্পুৰমৰ ছেণ্ট জেমছ গার্লছ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষক পদৰ পৰা অৱসৰ গ্ৰহণ কৰে শশীকুমাৰে। ইয়াৰ পিছতেই এগৰাকী ছাত্রীয়ে প্রথম নেট মাধ্যমত তেওঁৰ বিৰুদ্ধে যৌন নির্যাতনৰ অভিযোগ তোলে। ইয়াৰ পিছত এটাৰ পিছত আন এক অভিযোগ আহিবলৈ ধৰে। কেইবাগৰাকীও নির্যাতিতাই আৰক্ষীৰ ওচৰত এফআইআৰ দাখিল কৰে।
ইয়াৰ পিছতেই আত্মগোপন কৰে মলপ্পুৰম পৌৰসভাৰ তিনিবাৰৰ চিপিএম কাউন্সিলৰ শশীকুমাৰে।তদন্তত নামি আৰক্ষীয়ে শশীকুমাৰৰ বিৰুদ্ধে যৌন নিগ্রহৰ বহু অভিযোগ লাভ কৰে। তাৰ ভিতৰত তিনি দশকৰ পুৰণি অভিযোগো আছে। নির্যাতিতাসকলৰ একাংশৰ অভিযোগ, স্কুল আৰু স্থানীয় ৰাজনীতিত প্রভাৱশালী শশীকুমাৰে তেওঁলোকক মনে মনে থাকিবলৈ বাধ্য কৰাইছিল।
শুক্রবাৰে অভিযুক্ত প্রাক্তন শিক্ষকজনক মলপ্পুৰমৰ পৰা গ্রেপ্তাৰ কৰা হয়। আৰক্ষীয়ে জনোৱা মতে, এই পর্যন্ত ৫০ৰো অধিক ছাত্রী আৰু প্রাক্তন ছাত্রীয়ে শশীৰ বিৰুদ্ধে যৌন নিগ্রহৰ অভিযোগ দাখিল কৰিছে। অভিযোগবোৰৰ ভিত্তিত পক্সোসহ একাধিক ধাৰাত গোচৰ ৰুজু হৈছে।
কেৰালাৰ শিক্ষামন্ত্রী ভি শিবনকুট্টিয়ে এই ঘটনাৰ তদন্তৰ নির্দেশ দিছে। ৰাজ্যখনৰ জনশিক্ষা বিভাগৰ বিষয়া কে বাবুই জনাইছে, সংশ্লিষ্ট স্কুল কর্তৃপক্ষক পৰিচালনা ব্যৱস্থাৰ ত্রুটিবোৰ পৰীক্ষা কৰি সোনকালে ৰিপোর্ট প্ৰেৰণ কৰিবলৈ কোৱা হৈছে।










