![]()
আজি ৰাজ্য চৰকাৰৰ অধীনত অনুষ্ঠিত হয় বৃহৎ নিয়োগ অনুষ্ঠান। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত এই সৰ্ববৃহৎ নিযুক্তি অনুষ্ঠানত ৰাজ্যৰ ১১টা বিভিন্ন বিভাগত প্ৰায় ২৩ হাজাৰ নিবনুৱাক আনুষ্ঠানিকভাৱে নিযুক্তি-পত্ৰ বিতৰণ কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজহাতে নিযুক্তি-পত্ৰ বিতৰণ কাৰ্যৰ শুভাৰম্ভ কৰে।
অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয়, “আজিৰ দিনটো ৰাজ্যৰ ইতিহাসত এক স্মৰণীয় দিন হিচাপে পৰিগণিত হৈ ৰ’ব। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত ১১টা বিভাগৰ ২২,৯৫৮টা পদৰ বাবে নিযুক্তি-পত্ৰ প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি যথেষ্ট সুখী অনুভৱ কৰিছোঁ৷ আজিৰ গৌৰৱময় মুহূৰ্তত নিযুক্তি-পত্ৰ লাভ কৰা প্ৰতিগৰাকী যুৱক-যুৱতীক ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাটোলৈ স্বাগতম জনাইছোঁ। “

তেওঁ লগতে কয়, “এটা স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে গৈ এইসকল যোগ্য লোকে আজি চৰকাৰী প্ৰশাসন ব্যৱস্থাটোত প্ৰত্যক্ষভাৱে জড়িত হোৱাৰ সুযোগ লাভ কৰিছে। এই সুযোগৰ সঠিক ব্যৱহাৰেৰে নিজৰ দক্ষতা আৰু যোগ্যতাৰে প্ৰশাসন ব্যৱস্থাটো শক্তিশালী কৰিবলৈ নিজৰ সৰ্বস্ব উজাৰি দিবলৈ মই নিযুক্তিপ্ৰাপ্ত সকলোকে আহ্বান জনালোঁ।”

নিযুক্তি প্ৰক্ৰিয়া অধিক নিকা আৰু স্বচ্ছ কৰাৰ কথা দোহাৰি মুখ্যমন্ত্ৰীয়ে কয়, “নিষ্ঠা, সততা, দায়বদ্ধতা, সহানুভূতি আৰু সহমৰ্মিতাৰ মনোভাবেৰে জনসাধাৰণৰ সেৱাৰ বাবে আমি সকলোৱে সংকল্পবদ্ধ হৈ কাম কৰিব লাগিব৷ আমাৰ চৰকাৰে প্ৰতিটো দিন, প্ৰতিটো পল কৰ্মযজ্ঞত সমৰ্পণ কৰিছে৷
আজিৰ নিযুক্তিকে ধৰি বৰ্তমানলৈ প্ৰায় ২৮ হাজাৰ লোকৰ নিয়মীয়া নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন হৈছে। শীঘ্ৰেই পুনৰ ৭-৮ হাজাৰ যুৱক-যুৱতীক নিযুক্তি দিয়া হ’ব। জুলাইৰ শেষৰ সপ্তাহত পুনৰ ২৬ হাজাৰ নিযুক্তিৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হ’ব৷”













