ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

প্ৰকৃতিৰ উন্মাদনাৰ পিছত খাদ্য সংকটত পৰাৰ আশংকা পাৰ্বত্য জিলা ডিমা হাছাও : বিচ্ছিন্ন দ্বীপলৈ পৰিণত

ষ্টাফ ৰিপ'ৰ্টাৰঃ ডিফু :

News Desk by News Desk
May 17, 2022
Reading Time: 1 min read
A A
0
প্ৰকৃতিৰ উন্মাদনাৰ পিছত খাদ্য সংকটত পৰাৰ আশংকা পাৰ্বত্য জিলা ডিমা হাছাও : বিচ্ছিন্ন দ্বীপলৈ পৰিণত

RELATED POSTS

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

যোৱা এটা সপ্তাহতকৈ অধিক কাল ধৰি ডিমা হাছাও জিলাত অব্যাহত থকা ধাৰাবাহিক বৃষ্টিপাতৰ ফলত জিলাখনত সংঘটিত হোৱা ভয়ংকৰ ধ্বংসলীলাৰ পিছত আজি প্ৰকৃতি সামান্য শান্ত হোৱা পৰিলক্ষিত হৈছে যদিও ডিমা হাচাও জিলাৰ আকাশ এতিয়া মেঘাচন্ন হৈ ৰোৱাত মুঠেই আশংকামুক্ত হোৱা নাই স্থানীয় জিলাবাসী। ফলস্বৰূপে চাৰিওফালৰ পৰা যোগাযোগ বিচ্ছিন্নহৈ ভীষণ খাদ্য সংকটৰ দিশে গতি কৰাৰ লগতে এক প্ৰকাৰ বিচ্ছিন্ন দ্বীপলৈ ৰূপান্তৰ হৈছে ডিমা হাছাও ৷ কালি নিশাৰ ভাগতো জিলাখনৰ সদৰ চহৰ হাফলঙত বৃষ্টিপাত হোৱাৰ লগতে আজি পুৱা পৰ্যন্ত জিলাখনত বৰষুণ অব্যাহত থকাৰ বাতৰি পোৱা গৈছে। ইফালে, শেহতীয়াকৈ ধ্বংসলীলাৰ ফলত ডিমা হাচাও জিলাৰ সদৰ চহৰ সম্পূৰ্ণৰূপে এক বিচ্ছিন্ন দ্বীপত পৰিণত হৈছে। সদৰ চহৰ হাফলঙত বিগত কেইবাদিন ধৰি বিদ্যুৎ সেৱা ব্যাহত হৈ থকাৰ লগতে মোবাইল পৰিসেৱা বন্ধ হৈ পৰাৰ ফলত চহৰখনৰসৈতে যোগাযোগ কৰাৰ সকলো পথেই একপ্ৰকাৰ বন্ধ হোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে।

শেহতীয়াকৈ জিলাখনৰ কালাচন্দত থকা এখন পকী দলঙৰ দুয়োটি পাৰ বহি যোৱাৰ উপক্ৰম হোৱা বুলি বাতৰি পোৱা গৈছে। ইয়াৰ মাজতে অসম চৰকাৰৰ পাৰ্বত্য এলেকা উন্নয়ন দপ্তৰৰ মন্ত্ৰী যোগেন মহনে জিলাখনৰ মাইবঙত উপস্থিত হৈ জিলাখনৰ দূৰ্যোগপূৰ্ণ পৰিস্থিতিৰ বুজ লয়। আনহাতে, অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনেও আজি ডিমা হাচাও জিলাৰ লাংটিঙত উপস্থিত হৈ জিলাখনৰ দূৰ্যোগপূৰ্ণ পৰিস্থিতিৰ বুজ লয়। লাংটিঙত উপস্থিত হৈ উপাধ্যক্ষগৰাকীয়ে শেহতীয়া দূৰ্যোগৰ ফলত জিলাখনত হোৱা ক্ষয়-ক্ষতিৰ বুজ লয়। ইয়াৰ পিছতে লাংটিঙত থকা অস্থায়ী আশ্ৰয় শিবিৰত উপস্থিত হৈ আশ্ৰয় শিবিৰত থকা লোকসকলৰ অৱস্থাৰ বুজ লয়। উল্লেখযোগ্য যে, লাংটিঙৰ অস্থায়ী আশ্ৰয় শিবিৰত এতিয়া কমেও প্ৰায় দুশ পৰিয়ালৰ আঠ শতাধিক লোকে আশ্ৰয় গ্ৰহণ কৰি আছে। উপাধ্যক্ষগৰাকীয়ে আশ্ৰয় শিবিৰত থকা লোকসকলৰ সুবিধা-আসুবিধাৰ বুজ লয়।

উপাধ্যক্ষগৰাকীয়ে লগতে ডিমা হাচাও জিলাৰ উপায়ুক্তৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰি জিলাখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ বুজ লোৱাৰ লগতে আশ্ৰয় শিবিৰসমূত প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ যোগান ধৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰে। উপাধ্যক্ষগৰাকীৰ সৈতে আজি এই ভ্ৰমণত স্থানীয় এমএচি গলঞ্জয় থাউচেন উপস্থিত থাকে। লক্ষণীয় যে, জিলাখনত শেহতীয়াকৈ সৃষ্টি হোৱা বানে ভয়ংকৰ প্ৰলয়ৰ পিছত ইয়াক পুনৰ পূৰ্বৰ অৱস্থালৈ ঘুৰাই অনাটো উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ কতৃপক্ষৰ বাবেও এক বৃহৎ প্ৰত্যাহ্বান হিচাপে পৰিগণিত হৈছে। প্ৰলয়ৰ অন্তত জিলাখনক পুনৰ গঢ়ি তোলাৰ বাবে প্ৰয়োজনীয় পুঁজিৰ বাবে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গোৰ্লোছা’ই ৰাইজৰ সহায়ৰ বাবে আহ্বান জনাইছে। এলেকাটোৰ ৰাইজৰ সহায়ৰ বাবে এক্সিছ বেংকৰ ৯১৯০১০০৪৭৬০১২৮৬ (আইএফএছচি-ইউটিআইবি ০০০৩০৯৬) নম্বৰৰত দান বৰঙণি আগবঢ়োৱাৰ বাবে সামাজিক মাধ্যমযোগে সকলোকে আহ্বান জনাইছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: dima-hasaoদ্বীপলৈ পৰিণত
Share7Tweet4Send

Related Posts

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ
ALL NEWS

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

by News Desk
September 10, 2026
51
Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ
ALL NEWS

Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ

by News Desk
September 10, 2026
51
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
ADVERTISEMENT
Rahul Gandhi : ব্ৰিকছ সন্মিলনক লৈ আমিষ-নিৰামিষৰ ৰাজনীতি, কংগ্ৰেছে ৰাজনীতিকৰণ কৰাৰ অভিযোগ ৰিজিজুৰ
National-International

Rahul Gandhi : ব্ৰিকছ সন্মিলনক লৈ আমিষ-নিৰামিষৰ ৰাজনীতি, কংগ্ৰেছে ৰাজনীতিকৰণ কৰাৰ অভিযোগ ৰিজিজুৰ

September 14, 2026
50
Woman killed husband : সেৱা কৰি কৰি অতিষ্ঠ হৈ প্ৰেমিকৰ বুদ্ধিত শয্যাশায়ী স্বামীক হত্যা, পত্নী, শাহুসহ ৩ জনক গ্ৰেপ্তাৰ
National-International

Woman killed husband : সেৱা কৰি কৰি অতিষ্ঠ হৈ প্ৰেমিকৰ বুদ্ধিত শয্যাশায়ী স্বামীক হত্যা, পত্নী, শাহুসহ ৩ জনক গ্ৰেপ্তাৰ

September 14, 2026
50
UCC : আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিশাসিত সকলো ৰাজ্যতে কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোড, ঘোষণা অমিত শ্বাহৰ
National-International

UCC : আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিশাসিত সকলো ৰাজ্যতে কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোড, ঘোষণা অমিত শ্বাহৰ

September 14, 2026
50
BRICS India 2026 : শুল্কৰ পৰা যুদ্ধলৈকে ট্ৰাম্পৰ নীতিৰ ওপৰত দৃঢ় স্থিতি ব্ৰিকছৰ, বিৰল খনিজ সন্দৰ্ভত জিনপিঙলৈ মোদীৰ বাৰ্তা
National-International

BRICS India 2026 : শুল্কৰ পৰা যুদ্ধলৈকে ট্ৰাম্পৰ নীতিৰ ওপৰত দৃঢ় স্থিতি ব্ৰিকছৰ, বিৰল খনিজ সন্দৰ্ভত জিনপিঙলৈ মোদীৰ বাৰ্তা

September 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rahul Gandhi : ব্ৰিকছ সন্মিলনক লৈ আমিষ-নিৰামিষৰ ৰাজনীতি, কংগ্ৰেছে ৰাজনীতিকৰণ কৰাৰ অভিযোগ ৰিজিজুৰ

Rahul Gandhi : ব্ৰিকছ সন্মিলনক লৈ আমিষ-নিৰামিষৰ ৰাজনীতি, কংগ্ৰেছে ৰাজনীতিকৰণ কৰাৰ অভিযোগ ৰিজিজুৰ

September 14, 2026
Woman killed husband : সেৱা কৰি কৰি অতিষ্ঠ হৈ প্ৰেমিকৰ বুদ্ধিত শয্যাশায়ী স্বামীক হত্যা, পত্নী, শাহুসহ ৩ জনক গ্ৰেপ্তাৰ

Woman killed husband : সেৱা কৰি কৰি অতিষ্ঠ হৈ প্ৰেমিকৰ বুদ্ধিত শয্যাশায়ী স্বামীক হত্যা, পত্নী, শাহুসহ ৩ জনক গ্ৰেপ্তাৰ

September 14, 2026
UCC : আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিশাসিত সকলো ৰাজ্যতে কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোড, ঘোষণা অমিত শ্বাহৰ

UCC : আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিশাসিত সকলো ৰাজ্যতে কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোড, ঘোষণা অমিত শ্বাহৰ

September 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d