![]()
শিলচৰত ২৬ গৰাকী ৰহিংগীয়া আৰক্ষীৰ জালত পৰাৰ পিছত বৰাকত ৰহিংগীয়াৰ অবৈধ অনুপ্ৰবেশকাৰী চোৰাং পাচাৰ চক্ৰ সক্ৰিয় হৈ উঠিছে।এটা দালাল চক্ৰই উপাৰ্জন ব্যৱস্থা কৰি দিয়া আশাক লগত লৈ শিলচৰলৈ অহা ২৬ গৰাকী ৰহিংগীয়াক শিলচৰ সদৰ আৰক্ষীয়ে কালি আবেলি প্ৰায় ৩ মান বজাত শিলশৰ দেৱদূত পইণ্টত তিনিখন গাড়ীৰ পৰা তেওঁলোকক আটক কৰে শিলচৰ সদৰ আৰক্ষীয়ে।
উল্লেখ্য যে, আন্তৰ্জাতিক মানৱ সৰবৰাহ কাৰী চক্ৰৰ দালালে ধৃত ৰহিংগীয়াৰ পৰা বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰে। অৱশ্যে, আৰক্ষীয়ে এতিয়ালৈকে এই ৰেকেটটোত কোন কোন জড়িত হৈ আছে সেই বিষয়ে কোনোধৰণৰ তথ্য লাভ কৰা নাই।
গ্ৰেপ্তাৰ কৰা ৰহিংগীয়াসকলক আৰক্ষীৰ জিম্মাত জেৰা কৰা হৈছে। জেৰাৰ সূত্ৰ অনুসৰি, কাছাৰ আৰক্ষীয়ে দাবী কৰিছে যে, পাচাৰ চক্ৰক শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ’ব। গুৱাহাটীৰ
কামাখ্যা ৰেল ষ্টেশনৰ পৰা ৰহিংগীয়াৰ দলটো শিলচৰলৈ আহে। দলটো জম্মুৰ পৰা আহিছে বুলি জানিবলৈ দিয়ে। দলটোত পুৰুষ মহিলাৰ লগতে ১২ টা শিশু আছে।













