
আজি বিশ্ব পৰিবেশ দিবস উপলক্ষে অসম প্ৰদেশ কংগ্ৰেছ সেৱা দল ইয়ং বিগ্ৰেদৰ কাৰ্যকৰী সভাপতি জিতু শইকীয়াৰ বিশেষ উদ্যোগত আৰু বোকাখাত ইয়ং বিগ্ৰেদৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে বিশ্বপৰিবেশ দিবস উদযাপন কৰা হয়।
বিশ্ব পৰিবেশ দিৱস উপলক্ষে ইয়ং বিগ্ৰেদৰ উদ্যোগত, কুৰুৱাবাহী মন্দল কংগ্ৰেছ, কুৰুৱাবাহী মহিলা মন্দল কংগ্ৰেছ আৰু স্থানীয় ৰাইজৰ সহযোগত ৰজাবাৰী খতিয়াখলি সংযোগী এক কিলোমিটাৰৰো অধিক পথত কৃষ্ণচূড়া আৰু সোণাৰু গছৰ পুলি ৰোপন কৰা হয়।
বৃক্ষ ৰোপণ স্থলীত কলিয়াবৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈ উপস্থিত হৈ এটি কৃষ্ণচূড়াৰ পুলি ৰুই বৃক্ষ ৰোপন কাৰ্য্যসূচীক উৎসাহ যোগোৱাৰ লগতে স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰি নতুন কৈ ৰোপণ কৰা পুলি সমূহ প্ৰতিপালন আৰু সুৰক্ষাৰ বাবে সহযোগিতা কৰিবলৈ স্থানীয় ৰাইজক আহ্বান জনায়।
সাংসদ গৌৰৱ গগৈক সংগ দিয়ে বোকাখাত ব্লক কংগ্ৰেছ কমিতিৰ সভাপতি ধৰ্মেশ্বৰ কূৰ্মী, উপ সভাপতি বিপুল দাস, সম্পাদক সীমান্ত শইকীয়া, ৰাজু দাস, টাউন ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি লক্ষীপ্ৰসাদ শইকীয়া, অসম প্ৰদেশ কংগ্ৰেছ সেৱা দল ইয়ং বিগ্ৰেদৰ সাধাৰণ সম্পাদক জাফৰ আলি বৰা, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক পৰাগ শইকীয়া, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদিকা মিনতি দলে, বোকাখাত যুৱ কংগ্ৰেছৰ সভাপতি সত্যেন শইকীয়াই ৷













