
আজি বোকাখাতত বোকাখাত গণমঞ্চৰ উদ্যোগত আজি বোকাখাতত দিনজোৰা বৰ্ণাধ্য কাৰ্যসূচীৰে বোকাখাতত পৰিবেশ দিবস উদযাপন কৰা হয় । পৰিবেশ দিবস উপলক্ষে বোকাখাত গণমঞ্চই ছাত্ৰছাত্ৰী আৰু ৰাইজৰ মাজত আমলখী, ভোমোৰা, কৃষ্ণচূড়াঁ, মধুৰি,জামু, সোনাৰুকে আদি কৰি বিভিন্ন প্ৰজাতিৰ প্ৰায় দুহেজাৰ গছ পুলি বিতৰণ কৰে।
বোকাখাত গণমঞ্চৰ সভাপতি জিতু শইকীয়াই সভাপতিত্ব কৰা এই অনুষ্ঠানত বোকাখাতৰ সন্ধানী লেখিকা সমাৰোহ সমিতি, বোকাখাত মইনা পাৰিজাতকে আদি কৰি বহু সংখ্যক সমাজ সচেতন ব্যক্তি উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।
আজি পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি বোকাখাত গণমঞ্চই আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ এক উল্লেখনীয় কাৰ্যসূচী আছিল বোকাখাতা সমাজ জীৱনলৈ বিভিন্ন ধৰনে প্ৰভুত অৰিহনা যোগোৱা বিশিষ্ট ব্যক্তি সকলক উপাধি প্ৰদান তথা সম্বৰ্দ্ধনা অনুষ্ঠান ৷
অনুষ্ঠানত ক্ৰমে বিশিষ্ট কবি নাট্যকাৰ সাংবাদিক অমৰ শৰ্মাক নাট্যশ্ৰী, পুৰস্কাৰ প্ৰাপ্ত শিক্ষক মহেন শইকীয়াক শিক্ষাশ্ৰী, জ্যেষ্ঠ সাংবাদিক বুবুল দত্তক সংবাদশ্ৰী, জ্যেষ্ঠ সাংবাদিক তথা পৰিৱেশ সচেতন ব্যক্তি উত্তম শইকীয়াক বনশ্ৰী, যুৱ মৌ উদ্যোগী পাপুমনি হাজৰিকাক মধুশ্ৰী, লোহিতা নায়কক উৎকৰ্ষশ্ৰী, মামন বড়োক মহিলাশ্ৰী, বিশিষ্ট ভাস্কৰ্য শিল্পী পাপু ঘোষক ভাস্কৰ্যশ্ৰী, ৰবীন শৰ্মাক অৰন্যশ্ৰী আদি কৰি সৰ্বমুঠ ১০ গৰাকী বিশিষ্ট ব্যক্তিক উপাধিৰে সন্মানিত কৰা হয় আৰু সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।













