![]()
“মেট্ৰিকৰ ফলাফলত ক’ভিড পৰিস্থিতিৰ প্ৰভাৱ পৰিব যদিও অসফল ছাত্ৰ-ছাত্ৰীক সতাশ নহবলৈ আহ্বান শিক্ষামন্ত্ৰীৰ”
অহা ৮ জুনত অনুষ্ঠিত হবলগীয়া ত্ৰয়োদশ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিন ৷ দেওবাৰে সন্ধিয়া ডিফু চহৰৰ মাজমজিয়াত অনুষ্ঠিত ষ্ট্ৰীট কৰ্ণা সভাত বিজেপিৰ লুম্বাজং পৰিষদীয় সমষ্টিৰ বিজেপিৰ হৈ অংশ গ্ৰহণ কৰে নগাওঁৰ বিধায়ক ৰূপক শৰ্মা, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, শিক্ষামন্ত্ৰী ৰণোজ পেগুকে ধৰি কেইবাগৰাকী বিজেপিৰ শীৰ্ষ নেতৃত্বই ৷
সহস্ৰাধিক ৰাইজৰ উপস্থিত চৰকাৰৰ বিভিন্ন উন্নয়ণমূলক আঁচনি সন্দৰ্ভত বিজেপিৰ মন্ত্ৰী বিধায়ক সকলে উপস্থিত ৰাইজক বিসিতৃতভাবে বাখ্যা কৰি বিজেপি প্ৰাৰ্থী জনী তিমুঙক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায় ৷ সভাৰ শেষত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত কয়যে, কাৰ্বি পৰিষদৰ ২৬ টা আসনতেই বিজেপিয়ে বিজয় সাব্যস্ত কৰিব ৷
কাৰবি পৰিষদখন বিৰোধী অস্তিত্বহীন বুলি কোৱাৰ লগতে পৰিষদখন গ’লকী বিহীন পষ্ট বুলি আখ্যা দিয়া ৰণোজ পেগুৱে ৷ কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰাই হতাশাত ভুগি মুখ্যমন্ত্ৰীৰ শীঘ্ৰে অপসাৰণ হব বুলি ভ্ৰম বকিছে বুলি কয় ৷
নিজৰ আৰু ৰাইজৰ ওপৰত বিশ্বাস নথকাৰ বাবে ভূপেন বৰাই হতাশাত আত্মা পৰমাত্মাৰ কথা কয় বুলি কটাক্ষ কৰে দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল সন্দৰ্ভত শিক্ষামন্ত্ৰী গৰাকীয়ে কয়যে ক’ভিড পৰিৱেশৰ পিছত হোৱা মেট্ৰিক পৰীক্ষাত আভ্যন্তৰিণ মূল্যায়নৰ ওপৰত নিৰ্ভৰ কৰি পৰীক্ষাৰ ফলাফল দিয়া হৈছিল ৷ ক’ভিডৰ পিছত এইটো আছিল প্ৰথম মেট্ৰিক পৰীক্ষা ৷
ফলত পৰীক্ষাত ছাত্ৰ-ছাত্ৰীৰ ওপৰত কিছু প্ৰভাৱ পৰিব ৷ যি সকল ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত ফেইল কৰিব তেওঁলোকক হতাশ নহৈ পুণৰ পৰীক্ষাৰ প্ৰস্তুতি চলোৱাৰ বাবে আহ্বান জনাইছে ৷ নতুন শিক্ষানীতিৰ জৰিয়তে মেট্ৰিক পৰীক্ষা ইতিহাস নহয় বুলি মন্তব্য কৰি আগৰ দৰেই পৰীক্ষা হব বুলি কয় আৰু উপৰিঞ্চিকৈ নৱম আৰু একাদশ শ্ৰেণীৰ পৰীক্ষাও বোৰ্ডৰ জৰিয়তে অনুষ্ঠিত কৰা হব বুলি কয় মন্ত্ৰী ৰ’ণোজ পেগুৱে ৷ লগতে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা শীঘ্ৰে ঘোষণা কৰা হব বুলি মন্তব্য কৰা হব যদিও এনে সিদ্ধান্চ চৰকাৰে নহয় শিক্ষা পৰিষদেহে ঘোষণা কৰিব বুলি কয় ৷












