![]()
এগৰাকী ব্রিটিছ মহিলাক গোৱাৰ সমুদ্ৰ তীৰত ধর্ষণৰ অভিযোগ উঠিছে। উত্তৰ গোৱাৰ আৰাম্বল ছুইট ৱাটাৰ তীৰত মহিলাগৰাকীক ধর্ষণৰ অভিযোগ। উক্ত ঘটনাত ইতিমধ্যে ৩২ বছৰীয়া এজন ব্যক্তিক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে।
উল্লেখ্য, যোৱা সপ্তাহত স্বামীৰ সৈতে গোৱালৈ ফুৰিবলৈ আহিছিল মহিলাগৰাকী। উত্তৰ গোৱাত থকা অৱস্থাতে তেওঁক ধর্ষণ কৰাৰ অভিযোগ। সংবাদ সংস্থা পিটিআইক আৰক্ষীয়ে জনোৱা মতে, এই ঘটনাত জড়িতৰ সন্দেহত যিজন ব্যক্তিক গ্রেপ্তাৰ কৰা হৈছে, তেওঁ এগৰাকী স্থানীয় লোক। ব্রিটিছ মহিলাগৰাকীয়ে যেতিয়া সমুদ্ৰ তীৰত অৱসৰ বিনোদন কৰি আছিল, সেই সময়তে ব্যক্তিজনে তেওঁক ধর্ষণ কৰাৰ অভিযোগ।
ঘটনাটি ঘটে যোৱা ২ জুনত। সোমবাৰে ধর্ষণৰ অভিযোগ দাখিল কৰে ব্রিটিছ দম্পতিহালে। অভিযুক্তৰ নাম জুৱেল ভিনছেন্ট ডি’চুজা বুলি আৰক্ষীয়ে জনাইছে।











