
ভোট গ্ৰহণৰ মাজতে বোকাজানত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে এজন নিহত হোৱাৰ উপৰিও ১৮ জন যুৱক গুৰুত্বৰভাৱে আহত হয়।
বোকাজান মহকুমাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত প্লীমপাম গাঁৱৰ দেওপানী নদীত গা-ধুই AS-05-AC 1596 নম্বৰৰ টাটা যোদ্ধা বাহনৰে উভতাৰ পথত সংঘটিত হয় এই পথ দুৰ্ঘটনা।
দুৰ্ঘটনাটোত নিহত ৰিচিম হাঞ্চে কালি ঘোষণা হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছিল। আনহাতে, আহত যুৱক কেইজনক বোকাজান সামূহীয়া স্বাস্থ্য কেন্দ্ৰত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়।












