
পৰিৱেশ সংৰক্ষণৰ লগতে সেউজ ধৰণী গঢ়াৰ প্ৰকল্পেৰে গঠন হোৱা ৰাজ্যখনৰ অন্যতম পৰিচিত বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান গ্ৰাছ, বোকাখাতৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গ্ৰাছ, বোকাখাত আৰু বোকাখাত কেন্দ্ৰীয় মহিলা সমিতিৰ যুটীয়া উদ্যোগত যোৱা ৫ জুনত বোকাখাত কেন্দ্ৰীয় মহিলা সমিতিৰ স্থায়ী কাৰ্যালয় প্ৰাংগনত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়।
এই উদ্দেশ্যে গ্ৰাছৰ স্থায়ী কাৰ্যালয়ত গ্ৰাছৰ পতাকা উত্তোলন কৰে গ্ৰাছৰ উপ সভাপতি সঞ্জীৱ হাজৰিকাই। পতাকা উত্তোলনৰ পাছতেই বোকাখাত কেন্দ্ৰীয় মহিলা সমিতিৰ কাৰ্যালয় প্ৰাংগনত বৃক্ষৰোপণ আৰু গছপুলি বিতৰণ কৰা হয়।
মুখ্য উপদেষ্টা অমৰ শৰ্মাই আঁত ধৰা কাৰ্যসূচীত গ্ৰাছৰ সভাপতি, সম্পাদক ক্ৰমে অংকুৰ বৰঠাকুৰ আৰু ইন্দ্ৰেশ্বৰ বৰা, উপ সভাপতি সঞ্জীৱ হাজৰিকা, সহ সম্পাদক নৰেন্দ্ৰ খাউণ্ড, গ্ৰাছৰ বোকাখাত মৌজা শাখাৰ সভাপতি প্ৰমোদ ঘোষ, কাৰ্যকৰী সদস্য ক্ৰমে প্ৰফুল্ল বৰা, দীপ কলিতা, ৰোমান বৰুৱা, উপদেষ্টা তথা অৱসৰপ্ৰাপ্ত বন বিষয়া মণ্টু বৰা, উপদেষ্টা তথা বোকাখাত কেন্দ্ৰীয় মহিলা সমিতিৰ সদস্যা ক্ৰমে নিজৰা বৰঠাকুৰ, কল্পনা চেতিয়া, সূৱৰ্ণ শইকীয়া বৰদলৈ আৰু গীতাঞ্জলি কলিতা, গ্ৰাছৰ উপদেষ্টা তথা বোকাখাত কেন্দ্ৰীয় মহিলা সমিতিৰ সহ সম্পাদিকা চন্দ্ৰপ্ৰভা শইকীয়া ডেকা, গ্ৰাছৰ উপদেষ্টা ক্ৰমে মিনতি দলে, ফণীধৰ হাজৰিকা, ধনিৰাম কুৰ্মি, জয়প্ৰকাশ সোণাৰি, দিব্যজ্যোতি হাজৰিকা, প্ৰদীপ হাজৰিকা, মৃদুস্মিতা শৰ্মা, অজন্তা তালুকদাৰ আদি, বোকাখাত কেন্দ্ৰীয় মহিলা সমিতিৰ সভানেত্ৰী আৰু সম্পাদিকা ক্ৰমে অনিমা বৰুৱা আৰু ভানু বৰুৱা, সহ সম্পাদিকা নিজৰা দত্ত, সদস্যা হিম’ কৰ্মকাৰ আৰু কমলা শইকীয়া, কুঞ্জলতা দাসৰ লগতে বিষয় ববীয়া আৰু কাৰ্যনিৰ্বাহক সদস্যাসকল উপস্থিত থাকে।













