![]()
কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰথম ৰাউণ্ডৰ অন্তত বিজেপি দলে অগ্ৰগতি লাভ কৰি থকাৰ বিপৰীতে লাংহিন পৰিষদীয় সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী ছাৰমুন ৰংফাৰ অগ্ৰগতি লাভ কৰিছে ৷ প্ৰথম ৰাউণ্ডৰ অন্তত লুম্বাজংত বিজেপি ৪১২৫ টা ভোট, কংগ্ৰেছ ৩৮১ টা ভোট, মহামায়াত বিজেপিৰ লুণছিং টেৰণে লাভ কৰিছে ৩১৫১ আৰু কংগ্ৰেছৰ বিদ্যাছিং ৰংপিয়ে লাভ কৰিছে ১৬১৩ টা ভোট, লাংহিনত বিজেপি প্ৰাৰ্থী বিলিমোহন খাকলাৰীয়ে লাভ কৰিছে ৷
আনহাতে৪৬০৭ টা ভোট নিৰ্দলীয় প্ৰাৰ্থীয়ে লাভ কৰিছে ১৪৭১ টা ভোট, নমাটিত বিজেপি প্ৰাৰ্থী ৰিতেশ ইংহিয়ে লাভ কৰিছে ৩২২১ টা ভোট আৰু কংগ্ৰেছৰ অশোক টেৰণে লাভ কৰিছে ২২৬৬ টা ভোট৷ হাওৰাঘাটত বিজেপিৰ অজিত দে’ৰ ৩৩১০ আৰু কংগ্ৰেছৰ চন্দ্ৰছিং টেৰণৰ ১২৯০ টা ভোট, ধনশিৰিত বিজেপিৰ তিলোত্তমা হাঞ্চুৰ ৪০৮৪ টা ভোট আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ ১৫৮৪ টা ভোট, সিংহাসনত বিজেপিৰ অমৰছিং তিচ’ৰ ২৬৫৩ টা ভোট আৰু কংগ্ৰেছৰ প্ৰদীপ ছিংনাৰৰ ১৩৪৬, কৰকাণ্ঠিৰ বিজেপি ১৭৯৪ আৰু নিৰ্দলীয় প্ৰাৰ্থী ১৯৩৬ টা ভোট, ফুলনিত নিৰ্দলীয় ২১৫৯ টা ভোট আৰু বিজেপিৰ প্ৰাৰ্থী ২০৮৩ টা ভোট লাভ কৰিলে ৷ লাংফেৰত বিজেপি প্ৰাৰ্থী মধুৰাম লেকথেই লাভ কৰিছে ৪৮৯৩ টা ভোট ৷
আনহাতে পশ্চিম কাৰবি আংলঙত আমৰিত বিজেপিৰ ৩১৩১ টা ভোট এডিএফৰ ২৪২৩ টা ভোট, দুৱাৰ আমলাত ২৫০৮টা ভোট আৰৱ কংগ্ৰেছৰ ১৬৩৮ টা ভোট, ৰংখাঙত বিজেপি ৩৭২২ টা ভোট আৰু কংগ্ৰেছৰ ২৩৪৫ টা ভোট লাভ কৰে ৷ছচেঙত বিজেপি ২৪৯৭ আৰু এপিএইছএলচিৰ ১০৮৮ টা ভোট লাভ কৰে ৷
ইয়াৰোপৰি বোকাজনৰ ছচেংধেণ্টাত বিজেপি ১৬১৪, নিৰ্দলীয় ১২১৯, বৰজানত বিজেপি ২৬০১, এপিএইছএলচি ৩০৪২, সৰুপথাৰ বিজেপি ১৩৮৮, ইউডিএফএছ ১১২৫, বোকাজানত বিজেপি ২৮৬৯ আপ, ১৮৫০, দেউপানীত বিজেপি ২৬৩১ আৰু নিৰ্দলীয়প্ৰাৰ্থী ১২২৯ টা ভোট লাভ কৰিছে ৷ নিলীপত এপিএইছএলচি ১৩০৭,বিজেপি ১১১৯টা ভোট আৰু দুৱাৰ বাগৰি পৰিষদীয় সমষ্টিত বিজেপি ২১৩১ আৰু কংগ্ৰেছে ১০৩১ টা ভোট লাভ কৰিছে ৷













