
কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিজেপি দলৰহৈ নমাটি পৰিষদীয় সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী ৰিতেশ ইংহিয়ে দ্বিতীয়বাৰৰ বাবে বিজয় সাব্যস্ত কৰে ৷ ৰিতেশ ইংহি কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ যোৱাটো কাৰ্যকালত পৰিষদৰ উপাধ্যক্ষ পদত আছিল ৷

এইবাৰ পৰিষদীয় নিৰ্বাচনত নমাটিৰ পৰা বিজেপিৰ পৰা প্ৰতিদ্বন্ধিতা কৰি ৭৮২৩ টা ভোটত জয়লাভ কৰে ৷ আনহাতে নিকটতম প্ৰতিদ্বন্ধী কংগ্ৰেছৰ অশোক টেৰণে লাভ কৰে ৪৪৬৮ টা ভোট ৷ বিজয়ৰ পিছত বিজয়ী প্ৰাৰ্থী ৰিতেশ ইংহিয়ে কয়যে, বিজয়ৰ পিছত তেওঁৰ প্ৰধান কাম হব সমষ্টিটোৰ শিক্ষাৰ ক্ষেত্ৰত উন্নয়ন সাধন কৰা ৷












