![]()
আজিৰে পৰা দুদিনীয় কাৰ্যসূচীৰে তেজপুৰ বাটমাৰীৰ কনভেনচন ভৱনত ৰাজ্যৰ ৩৫ জিলাৰ উপায়ুক্ত সকলৰ সৈতে সন্মিলন অনুষ্ঠিত হৈছে। আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এই উপায়ুক্ত সন্মিলনত গোপীনাথ বৰদলৈৰ মৃত্যু তিথিত অৰ্থাৎ ৫ আগষ্টত ভালকৈ তথা দক্ষতাৰে লাম কৰা অৰাজপত্ৰিত চৰকাৰী বিষয়া আৰু চৰকাৰী কৰ্মচাৰী সকলক পুৰষ্কৃত কৰাৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।
এই সন্মিলনত ৰাজ্য চৰকাৰে ৬,৯৮,৫০০ মেট্ৰিক টন ধান ক্ৰয় কৰা লক্ষ্যত উপনীত হোৱাৰ বাবে উপায়ুক্ত সকলে কৰা চেষ্টা শলাগ লোৱাৰ লগতে তেওঁ কয় যে, “ধান ক্ৰয়ৰ বাবদ কৃষক সকলক প্ৰায় সাতশ কোটি টকা মুকলি কৰি দিয়া হৈছে । মই আশাবাদী যে ইয়াৰ ফলত গ্ৰামাঞ্চলত কৃষি বিনিয়োগ, শস্য পৰিকল্পনা, উৎপাদনশীলতা আৰু আৰ্থ-সামাজিক ফলাফলত যথেষ্ট প্ৰভাৱ পৰিব।
একে সময়তে উপায়ুক্ত সকলে তৈলবীজ আৰু মাহ জাতীয় শস্যৰ উৎপাদনৰ ক্ষেত্ৰত প্ৰসাৰ আৰু সম্প্ৰসাৰণৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰিব বুলিও আশা কৰা হৈছে।”আনহাতে, মুখ্যমন্ত্ৰীয় ৰাজ্যত ৰূপায়িত আন ধ্বাবাজী আঁচনি সমূহৰ প্ৰতিও সমানে গুৰুত্ব আৰোপ কৰিবলৈ উপায়ুক্ত সকলক আহ্বান জনায়।
উপায়ুক্ত সকলৰ সন্মিলনত মুখ্যমন্ত্ৰীয়ে ভাষণত কয় যে, “ৰাজ্যৰ সামগ্ৰিক পৰিৱেশটোক আৰু অধিক আগুৱাই লৈ যাবলৈ শক্তিশালী ভাৱে সমৃদ্ধি আৰু উন্নত কৰাৰ বাবে কাম কৰিব লাগিব। লগতে, বাহিৰৰ পৰা যদি কোনোবাই অসমত বিনিয়োগ কৰিবলৈ আহিছে আৰু এইক্ষেত্ৰত তেওঁলোকক ভূমি অধিগ্ৰহণৰ সমস্যা সোনকালে নাইকীয়া কৰি দিব পৰা যায় , সকলোকে যাতে ন্যায় দিব পৰা যায় তাৰ বাবে ব্যৱস্থা কৰিব লাগে।
আনহাতে, শিক্ষক দিৱসত শিক্ষক সকলক পুৰস্কাৰ দিয়া হয় আৰু সাধাৰণতে ৰাজনৈতিক নেতাৰ অনুমোদনত পুৰস্কাৰৰ বাবে শিক্ষক বাচি উলিওৱাটো বন্ধ কৰাৰ পোষকতা কৰি মুখ্যমন্ত্ৰীয়ে সঁচাকৈ ভাল শিক্ষক সকলে পুৰস্কাৰ পাব লাগে বুলি মন্তব্য কৰে।
তদুপৰি তাৰ প্ৰতি উপায়ুক্তসকলেক বিশেষভাৱে দৃষ্টি দিবলৈ আহ্বন জনায়।
ইফালে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু তিথি উপলক্ষে পাঁচ আগষ্টত ভালকৈ আৰু দক্ষতাৰে কাম কৰি থকা অৰাজপত্ৰিত চৰকাৰী বিষয়া তথা চৰকাৰী কৰ্মচাৰী সকলকো পুৰস্কৃত কৰাৰ বাবে ব্যৱস্থা গ্ৰহনৰ কথা মুখ্যমন্ত্ৰীয়ে সন্মিলনত প্ৰকাশ কৰে।মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত সতৰ্ক কৰি কয় যে এনে বিষয়া কৰ্মচাৰী নিৰ্বাচনৰ ক্ষেত্ৰতো যাতে ব্যক্তিগত ভাবে ভাল বেয়া , মন্ত্ৰী বিধায়ক আৰু উপায়ুক্তৰ লগত ভাল আদি কথাবতৰা বোৰ নহয় ।
মুখ্যমন্ত্ৰীয়ে লগতে যিসকল কৰ্মচাৰী তথা বিষয়াই ৰাজনৈতিক প্ৰভাৱ আৰু ব্যক্তিগত ধ্যান ধাৰনা অবিহনে নিষ্ঠা আৰু , সততাৰে কাম কৰি আছে সেই সকলক লোককে যাতে পুৰস্কাৰ দিয়া হয় তেনে নিৰ্দেশনা আজি উপায়ুক্ত সকলক দিয়ে।”













