![]()
২৬ টা পৰিষদীয় সমষ্টি দখল কৰি পুণৰ নিশ্ছিত বিজয়ৰ দিশে তুলিৰাম ৰংহাঙ নেতৃত্বাধীন টীম কাৰবি আংলং
যোৱা ৮ জুনত সমাপ্ত হোৱা কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত গেৰুৱা দল বিজেপি পুণৰ অপ্ৰতিৰোধ্য হৈ ৰ’ল ৷ ২৬ টা পৰিষদীয় সমষ্টিৰ আটাইকেইটা সমষ্টি দখল কৰি পুণৰ নিশ্চিচ বিজয়ৰ দিশে অগ্ৰসৰ হৈছে ডাঃ তুলিৰাম ৰংহাঙ নেতৃত্বাধীন টীম কাৰবি আংলং৷
কাৰবি আংলঙ আৰু পশ্চিম কাৰবি আংলংৰ ডিফু, হামৰেণ আৰু বোকাজান নিৰ্বাচনী জিলাত ক্ৰমে, ১০ টা, ৯ টা আৰু ৭ টা মুঠ ২৬ টা পৰিষদীয় সমষ্টিতে দেওবাৰে অনুষ্ঠিত হোৱা ভোট গণনাত বিজেপি প্ৰাৰ্থী সকলেই শেষ হাঁহি মাৰিছে দুই-এঠাইত এপিএইছএলচি আৰু কংগ্ৰেছ প্ৰতিদ্বন্ধিতা আগবঢ়াইছে যদিও বিৰোধী পক্ষৰ শেষ ৰক্ষা নহ’ল৷
বাতৰি লিখা পৰলৈকে কেইটামান পৰিষদীয় সমষ্টিৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱা নাই যদিও সকলোতে বিজেপি অগ্ৰগতি লাভ কৰি আছে বুলি জানিব পৰা গৈছে ৷এক প্ৰকাৰ বিৰোধী শুন্য হিছাপে ত্ৰয়োদশ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদখন গঠন হোৱাৰ দিশে অগ্ৰসৰ হৈছে ৷
বাতৰি লিখা পৰলৈকে লাভ কৰা তথ্য অনুসৰি বিজেপি প্ৰাৰ্থী সকল ক্ৰমে, ফুলনিত কাংবুৰা কিলিং, লাংহিনত বিলিমোহন খাকলাৰী, সিংহাসনত বিজেপি প্ৰাৰ্থী অমৰছিং তিছ’, মহামায়াত লুণছিং টেৰণ, নমাটিত ৰিতেশ ইংহি , হাওৰাঘাটত অজিত কুমাৰ দে’, সৰুপথাৰত কাদম তেৰাঙপী, ছচেংধেণ্টাত কাছে ৰংপিপী, দুৱাৰ বাগৰিত ৰিচাৰ্ড টকবী, বৰজানত সূৰ্য ৰংফাৰ, বোকাজানত মাধুৰ্য ঢেকিয়াল ফুকন, দেওপানীত শ্ৰৱন কুমাৰ তেলেঙ্গা, নিলীপত পৱিত্ৰ ৰংপি, দুৱাৰ আমলাত প্ৰভাত চন্দৰ তাৰ’, ছচেমৰ পৰা হেডছিং ৰংফাৰ, আমৰিত ডি উফিং মাছলাই, ৰংখাঙত লংবিচ বে’, চিণ্ঠঙত অভিজিত ক্ৰ’, লামফেৰত বিজেপি প্ৰাৰ্থী মাধুৰ্য লেকথেৰ বিজয় সুনিশ্চিত বুলি জানিব পৰা গৈছে ৷
আনহাতে, ধনশিৰি, লুম্বাজং, আমৰেং, কপিলি, বিথুং ৰেংথামা, হামৰেণ পৰিয়দীয় সমষ্টিৰ ফলাফল বাতৰি লিখা পৰলাকে জানিব পৰা হেৱা নাই ৷ বিজেপি দলৰ বিজয়ত সমৰ্থক সকলৰ মাজত আনন্দ উল্লাহ কৰা দেখা যায় ৷ বিজয়ী প্ৰাৰ্থী সকলক দলীয়, সমৰ্থক নেতা কৰ্মীয়ে গামোছা পিন্ধাই অভিনন্দন জ্ঞাপন কৰাৰ লগতে আঁতছবাজীৰে আনন্দ উৎসৱো পালন কৰা পৰিলক্ষিত ৰয় ৷













