
বোকাখাত মিলনপুৰৰ জীয়ৰী কাকলি কলিতাই ৱমেনচ ৱৰ্ল্ড বুটিকৰ পৰা সৌন্দৰ্য বিষয়ত প’ষ্টগ্ৰেজুৱেট ডিগ্ৰী আৰু বোকাখাত জে দি এচ জি মহাবিদ্যালয়ৰ পৰা বুৰঞ্জী বিষয়ত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰে ৷ তেওঁ সৌন্দৰ্য বিষয়ক বিভিন্ন থেৰাপী গ্ৰহণ কৰি সৌন্দৰ্য জগতলৈ অৱদান আগবঢ়াই আহিছে ৷
বোকাখাত মিলনপুৰ নিবাসী চন্দ্ৰ কলিতা আৰু বুলু কলিতাৰ কন্যা আৰু জে ডি এচ জি কলেজৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত অজিত বৰা আৰু প্ৰাক্তন অধ্যক্ষা ড° বিভা বৰাৰ সৰুপুত্ৰ বিশ্বজিত (পংকজ) বৰাৰ পত্নী সৌন্দৰ্য বিশেষজ্ঞ , বোকাখাত নগৰত অৱস্থিত মুস্কান বিউটি পাৰ্লাৰৰ স্বত্বাধিকাৰী, কাকলি কলিতাক, জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ তৰফৰ পৰা “সৌন্দৰ্য, সংস্কৃতি সৌৰভ বঁটা ” মুচকান বিউটি ক্লিনিকতে প্ৰদান কৰা হয়।
বোকাখাত মিলনপুৰৰ জীয়ৰী কাকলি কলিতাই ৱমেনচ ৱৰ্ল্ড বুটিকৰ পৰা সৌন্দৰ্য বিষয়ত প’ষ্টগ্ৰেজুৱেট ডিগ্ৰী আৰু বোকাখাত জে দি এচ জি মহাবিদ্যালয়ৰ পৰা বুৰঞ্জী বিষয়ত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰে ৷ তেওঁ সৌন্দৰ্য বিষয়ক বিভিন্ন থেৰাপী গ্ৰহণ কৰি সৌন্দৰ্য জগতলৈ অৱদান আগবঢ়াই আহিছে ৷
সৰুৰে পৰা সাংস্কৃতিক মন এটা থকাৰ বাবেই কাকলিয়ে মইনা পাৰিজাতৰ লগত জড়িত হৈ অসমৰ বিভিন্ন বিহুমঞ্চত শ্ৰেষ্ঠ বিহুৱতীৰ সন্মান বুটলিবলৈ সক্ষম হৈছিল ৷স্কুল আৰু মহাবিদ্যালয়ৰ পৰ্যায়তশ্ৰেষ্ঠা গায়িকাৰ সন্মান লাভ কৰিৰ উপৰিও খেলাধূলা চিত্ৰাংকন আদি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি স্থান লাভ কৰিবলৈ সক্ষম হয় ৷
বোকাখাত ফেচেংবৰ হাটত কাকলি কলিতাৰ মুচকান বিউটি ক্লিনিক নামৰ এখন সৌন্দৰ্য চৰ্চাৰ কেন্দ্ৰ খুলি নিজে স্বাৱলম্বী হোৱাৰ লগতে বহুতো যুৱতীক এই বিষয়ত প্ৰশিক্ষণ দি আহিছে আৰু তেওঁলোককো স্বাৱলম্বিতাৰ পথ লোৱাত সহায় কৰি আহিছে ৷আৰ্থিকভাৱে দুৰ্বল যুৱতীসকলক বিনামূলীয়া প্ৰশিক্ষণ দি আৰু বহতো বিয়াৰ কইনাক বিনামূলীয়া কৈ সজাই সহায়ৰ দাত আগবঢ়াইছে ৷
বোকাখাতৰ এসময়ৰ খেলুৱৈ বিশ্বজিত বৰাৰ পত্নী কাকলি এগাৰাকী কবি আৰু লেখিকা হিচাবেও প্ৰতিষ্ঠিত ৷ একমাত্ৰ পুত্ৰ ৰুদ্ৰাক্ষৰ সৈতে কাকলি আৰু বিশ্বজিতৰ সুখৰ সংসাৰ ৷ কাকলি কলিতাই এই বঁটা লাভ কৰি বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷
উক্ত অনুষ্ঠানত উপস্থিত থাকে জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ বিষয় ববীয়া মিনতি দলে, সুৱৰ্ণ শইকীয়া বৰদলৈ , প্ৰহ্লাদ মিলি , মনো বৰা ,চন্দ্ৰ প্ৰভা শইকীয়া ডেকা বিমল দলে , মৃদুস্মিতা শৰ্মা ,যোগেন টাইদ ,মুচকান কলিতা আৰু বহুতো।













