
আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ প্ৰথমখন জামিন আবেদন নাকচ। প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা জোনমণি ৰাভাৰ প্ৰথমখন আবেদন নাকচ কৰে মাজুলীৰ সত্ৰ ন্যায়াধীশৰ আদালতে নাকচ কৰে।
ভাৱীস্বামী ৰাণা পৰাগৰ সৈতে মিলি প্ৰৱঞ্চনাৰে লাখ লাখ টকা সৰকোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল জোনমণি। গড়মূৰ আৰক্ষী থানাত তিনিদিন চলোৱা জেৰাৰ পিছত গ্ৰেপ্তাৰ হোৱা জোনমণিক বৃহস্পতিবাৰে পুনৰ আদালতত হাজিৰ কৰোৱা হয়।













