
নলবাৰী জিলাৰ টিহুৱাসী ৰাইজৰ আৱেগ আৰু শ্ৰদ্ধাৰ চিহ্ন স্বৰূপ টিহু মহকুমা আন্দোলনৰ শ্বহীদ তথা সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক শ্বহীদ হিমাংশু তামুলীৰ স্মৃতিসৌধৰ একাংশ টিহু নৈৰ বাঢ়নি পানীয়ে খহাই নিয়া বিষয়টোৱে বহু লোকৰ মাজত বাৰুকৈয়ে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
এই বিষয়ত বিভাগীয়ভাৱে যথোপযুক্ত ব্যৱস্থা লোৱাৰ সলনি একাংশ বিষয়াৰ আঁকোৰগোজ মনোভাবৰ বাবেহে স্মৃতি সৌধটোৰ আজি তেনে অৱস্থা হ’ল বুলিও চৰ্চা হৈছে । উল্লেখ্য যে টিহু নগৰৰ সোঁমাজত টিহু নৈৰ পাৰৰ শ্বহীদ স্মৃতি উদ্যানত হিমাংশু তামুলীৰ স্মৃতিসৌধ নিৰ্মাণ কৰা হৈছিল । বিগত কেইদিনত মুষলধাৰে বৰষুণ দিয়াৰ ফলত টিহু নৈৰ পানী বাঢ়িবলৈ ধৰিছে ।
শ্বহীদ স্মৃতি উদ্যানত থকা টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সমীপৰ এই স্মৃতিসৌধটোলৈ বিগত ভালেমান দিন ধৰি নৈৰ খহনীয়াই ভাবুকিৰ সৃষ্টি কৰি আহিছিল । তেনে ভাবুকিৰ সৃষ্টি কৰিছে কাৰ্যালয়টোৰ প্ৰতিও । এই সন্দৰ্ভত টিহু আঞ্চলিক ছাত্ৰ সন্থাই বিভাগীয় কৰ্তৃপক্ষক টিহু নৈৰ উত্তৰ পাৰৰ তথা পকী দলঙৰ পশ্চিম দিশৰ খহনীয়া জিঅ’ বেগ আঁচনিৰ যোগেদি ৰোধ কৰাৰ দাবী উত্থাপন কৰি আহিছিল।
কিন্তু বিভাগীয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত কোনো কাণসাৰ নিদি আঁকোৰগোজ মনোভাব লোৱা বুলি অভিযোগ উত্থাপন হৈ থকাৰ সময়তে কালি টিহু নৈৰ বাঢ়নী পানীয়ে শ্বহীদ বেদীটোৰ একাংশ খহাই নিয়াত স্বাভাৱিকতে অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইপিনে, এই খহনীয়াই টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়টোৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে।
২০১৫ চনত ১৭ জুলাইত টিহু মহকুমা আন্দোলনৰ এক কাৰ্যসূচীত অংশ ল’বলৈ গৈ অবাঞ্ছিত পৰিস্থিতিত নিৰাপত্তা ৰক্ষীৰ হাতত নিহত হোৱা আছু সদস্য হিমাংশু তামুলীৰ স্মৃতিত নিৰ্মাণ কৰা টিহবাসীৰ আৱেগ আৰু শ্ৰদ্ধা জড়িত শ্বহীদ বেদীটোৰ পুনৰ নিৰ্মান কৰাৰ ক্ষেত্ৰত সহযোগ কৰাৰ লগতে টিহু নৈৰ উত্তৰ পাৰৰ তথা পকী দলঙৰ পশ্চিম দিশৰ খহনীয়া জিঅ’ বেগ আঁচনিৰ যোগেদি ৰোধ কৰাৰ বাবে দাবী জনাই টিহু আঞ্চলিক ছাত্ৰ সন্থাই স্থানীয় বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসলৈ ১৫ জুনত এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠকে টিহুবাসীৰ আৱেগ জড়িত টিহু মহকুমা আন্দোলনৰ একমাত্ৰ শ্বহীদ হিমাংশু তামুলীৰ স্মৃতি জড়িত শ্বহীদ বেদীটোৰ একাংশ নৈৰ বাঢ়নী পানীয়ে খহাই নিয়াত দুখ প্ৰকাশ কৰি বিভাগীয় কৰ্তৃপক্ষক শ্বহীদ বেদীৰ পুনৰ নিৰ্মাণৰ লগতে টিহু নদীৰ খহনীয়া ৰোধৰ দাবী উত্থাপন কৰে। আনহাতে, বিগত দুদিন ধৰি হৈ থকা মূষলধাৰ বৰষুণৰ ফলত টিহু নগৰৰ বিভিন্ন স্থানত আবদ্ধ পানী সৃষ্ট বান হৈছে ।













