
কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ সদ্যসমাপ্ত নিৰ্বাচনত কংগ্ৰেছে খোৱা মুখঠেকেছাৰ পিছতেই এইবাৰ দলটোলৈ নামিল আন এক বিপৰ্যয়। পাহাৰীয়া জিলাখনৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা,কেইবাৰৰো প্ৰাক্তন বিধায়ক আৰু মন্ত্ৰী খৰছিং ইংতিয়ে কৰিলে কংগ্ৰেছ দলৰ পৰা পদত্যাগ।
বুধবাৰে জ্যেষ্ঠ নেতাজনে নিজ পদত্যাগ পত্ৰ দাখিল কৰে এ পি চি চি ৰ সভাপতি ভূপেন বৰাৰ হাতত। দলটোৰ অন্যান্য সকলো বিষয়বাবৰ লগতে প্ৰাথমিক সদস্যপদো ত্যাগ কৰে হাওৰাঘাট সমষ্টিৰ প্ৰাক্তন বিধায়কজনে। KAAC নিৰ্বাচনী বিপৰ্যয়ৰ পিছতেই লোৱা এই সিদ্ধান্তই নিশ্চিতভাৱে পাহাৰীয়া জিলাখনত কংগ্ৰেছৰ ভেটি দুৰ্বল কৰি তুলিব।
এতিয়া পৰৱৰ্তী সময়ত ইংতিয়ে কি পদক্ষেপ গ্ৰহণ কৰে কিম্বা আন কোনো দলত যোগদান কৰে,সেয়া লক্ষণীয় হ’ব।













