![]()
বোকাজান ৰেলৱে আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বুদ্ধ সিঙৰ এক গোপন খবৰৰ ভিত্তিত বোকাজান আৰু সৰুপথাৰ ৰেলৱে ষ্টেচনৰ মাজভাগত ড্ৰাগছ বিৰোধী অভিযানকাৰী বিশেষ ৰেলৱে আৰক্ষীৰ দলে বুধবাৰে তালাচী চলাই উজনিমুৱা 12067 নম্বৰৰ জনসতাব্দী ৰেলৰ এটা ডবাৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ এগৰাকী অন্তঃসত্তা নগা মহিলা আৰু এটা পুৰুষ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।
জানিব পৰা অনুসৰি মহিলাই ব্যৱহাৰ কৰা ভেনিটি বেগত ১৪ টাকৈ চাবোনৰ বাকচত ভৰাই অনা অৱস্থাত উদ্ধাৰ কৰা ড্ৰাগছ খিনিৰ ওজন আছিল ১৫৩ গ্ৰাম। আজি ৰেলৱে আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছ খিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ৭৫ লাখ হব বুলি জানিব পৰা গৈছে।













