
বিগত তিনিদিন ধৰি অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত মূষলধাৰৰ বৰষুণৰ ফলত জটিল পৰিস্থিতিৰ সৃষ্টি হৈছে। এই পৰিস্থিতিৰ মাজতেই আকৌ দেশৰ বতৰ বিজ্ঞান কেন্দ্ৰই অৰুণাচল, মেঘালয়, নাগালেণ্ডত ৰেড এলাৰ্ট জাৰি কৰিছে অৰ্থাৎ আগন্তুক আন ৫ টা দিনত এই ৰাজ্যকেই খনত প্ৰবল বৃষ্টিপাত হ’ব।
জানিব পৰা মতে, মেঘালয়ত অহা ১৬ জুনৰ পৰা ১৯ জুনলৈকে বতৰ বিজ্ঞান কেন্দ্ৰই বৰষুণ হ’ব বুলি আগতীয়া জাননী জাৰি কৰিছে। এই সময়চোৱাত প্ৰতিদিনেই ১৫৫.৬ৰ পৰা ২০৪.৪ মিলিমিটাৰ পৰ্যন্ত বৰষুণ হ’ব সদৰি কৰা হৈছে।
আনহাতে, ১৫ জুনৰ পৰা ১৮ জুন পৰ্যন্ত অসমৰ কেইবাখনো জিলা ক্ৰমেঃ গোৱালপাৰা, বৰপেটা, কামৰূপ, কামৰূপ মহানগৰ, কাৰ্বি আংলং, মৰিগাঁও, দৰং, ধেমাজি, ডিব্ৰুগড় আৰু শোণিতপুৰ মূষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। স্কাইমেটৰ তথ্য অনুসৰি আগন্তুক ৫ দিনত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায়বোৰ ৰাজ্যতে বৰষুণৰ পৰিমাণ বৃদ্ধি পাব।
লগতে, চুবুৰীয়া অৰুণাচল প্ৰদেশৰ ইষ্ট কামেং, ৱেষ্ট কামেং, ল’ৱাৰ সোৱণশিৰী, পাপুমপাৰে, চিয়াং, আপাৰ চিয়াং, দিবাং ভেলী, ল’ৱাৰ ডিবাং ভেলী, লোহিত, চাংগলাং, তিৰাপ আৰু লংডিঙ্গত প্ৰচুৰ পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই জিলা কেইখনত ২০৪.৫ মিলিমিটাৰ পৰ্যন্ত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে অৰুণাচলত প্ৰৱল বৃষ্টিপাত হোৱাৰ ফলত কেইবাস্থানতো ভূমিস্খলন সংঘটিত হৈছে।
গুৱাহাটী মহানগৰীকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত বান পৰিস্থিতি অধিক অৱনতি ঘটিছে। নামনি অসমৰ বহু ন-ন ঠাই বানৰ কবলত পৰিছে। চুবুৰীয়া ৰাজ্য মেঘালয়ত হোৱা প্ৰচুৰ বৰষুণৰ ফলত ৰাজ্য খনৰ কেইবা ঠাইতো ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। ইয়াৰোপৰি, মেঘালয়ৰ মাজেৰে যোৱা শিলচৰ সংযোগী ৬নং ৰাষ্ট্ৰীয় ঘাইপথটোৰে যোগাযোগ বিচ্ছিন্ন হৈছে।
অসমৰ লগতে চুবুৰীয়া ৰাজ্য কেইখনত এইদৰে প্ৰৱল বৃষ্টিপাতৰ আশংকা প্ৰকাশ হোৱাত এই ৰাজ্য সমূহৰ পৰা বৈ অহা নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত অসমৰ বান পৰিস্থিতি যে অধিক জটিল হৈ পৰিব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে।













