
লংকাৰ উদালিত সংঘটিত এক হৃদয় বিদাৰক ঘটনা।পানীত পৰি মৃত্যু দুটি শিশুৰ।লংকা উদালি কছাৰী গাঁৱৰ চুফিয়ান আলম ৯বছৰ,আৰু জুনেইড আহমেদ নামৰ ৫বছৰীয়া দুটি শিশুৰ পানীত পৰি মৃত্যু হয়।
যোৱাকালি আবেলি ৩বজাৰ পৰা নিখোজ হৈ আছিল শিশু দুটি যদিও পৰিয়ালৰ লোকে বিচাৰখোচাৰ কৰাত নিশা ঘৰৰ সন্মুখত উদ্ধাৰ হয় শিশু দুটাৰ মৃতদেহ।
ইতিমধ্যে ঘটনাস্থলীত উদালী আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।জুনাইদ আলমৰ পিতৃৰ নাম নজৰুল হক আৰু চুফিয়ান আলমৰ পিতৃৰ নাম হানিফ আলি৷৷












