
নেৰানেপেৰা বৰষুণত ৰাজ্যৰ বান পৰিস্থিতিৰ অধিক অৱনতি হৈছে অসমত। দুই শিশুসহ আৰু নজনৰ মৃত্যুৰ বাতৰি আহিছে। লগতে এজন সন্ধানহীন। ইয়াকে লৈ ৰাজ্যখনত বর্তমান বান পৰিস্থিতিত মুঠ ১৭ জনৰ মৃত্যু হ’ল।
অসমৰ ২৮খন জিলা বৰ্তমান বানত প্লাবিত। ২ হাজাৰ ৯৩০খন গাঁৱৰ প্রায় ১৯ লাখ লোক ক্ষতিগ্রস্ত হৈছে। মুঠ ৩.৫৫ লাখ লোক বিপর্যস্ত হৈছে। ৪৩,৩৩৮.৩৯ হেক্টৰ কৃষিভূমি পানীৰ তলত।
ইফালে ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ খবৰ ল’লে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। শনিবাৰে পুৱা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ সৈতে ফোনত কথা পাতে প্রধানমন্ত্রীয়ে।
এই কথা টুইটত জনাইছে হিমন্ত বিশ্ব শৰ্মাই। কেন্দ্রৰ তৰফৰ পৰা সকলো ধৰণৰ সাহায্যৰ আশ্বাস দিছে মোদীয়ে।ইয়াৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী, আগন্তুক ২৪ ঘণ্টাত আৰু বৰষুণ হ’ব পাৰে ৰাজ্যত।













