
কৰিমগঞ্জ জিলাৰ অসম-ত্ৰিপুৰা সীমান্তত আৰক্ষীয়ে অভিযান চলাই চুৰাইবাৰী অঞ্চলত প্ৰৱেশ কৰা দুখন ড্ৰাগছ ভৰ্তি ডাম্পাৰসহ লিটন সৰকাৰ নামে এক ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।
জানিব পৰা মতে, ডাম্পাৰ দুখন অসম-ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰী অঞ্চলত প্ৰৱেশ কৰাৰ সময়ত গাঞ্জাখিনি জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে বিষয়া নিৰঞ্জন দাসে কয় যে, ত্ৰিপুৰাৰ পৰা অহা ডাম্পাৰ ট্ৰাক দুখনত নিয়মীয়া তালাচীৰ সময়ত চেম্বাৰৰ পৰা গাঞ্জাখিনি জব্দ কৰা হয়। প্ৰথমে এখন ডাম্পাৰৰ পৰা আৰক্ষীয়ে ৭৬৩ পেকেট গাঞ্জা উদ্ধাৰ কৰে। ইয়াৰ পিছতে দ্বিতীয় খন ডাম্পাৰত অভিযান চলাই মুঠ ১০০৩ কেজি গাঞ্জা জব্দ কৰে।
এই অভিযানৰ সময়ত এখন ট্ৰাকৰ চালক পলায়ন কৰিবলৈ সক্ষম হয় যদিও আনখন ট্ৰাকৰ চালকজনক আৰক্ষীয়ে আটক কৰে। ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখা হৈছে। এই অভিযানৰ বিষয়ে টুইটযোগে জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।












