![]()
ৰাজ্যত এতিয়া প্ৰতিদিনে জলমগ্ন হৈছে ইটোৰ পিছত সিটো অঞ্চল, ইখনৰ পিছত সিখন গাঁও। পানীত বুৰ গৈছে বসতিস্থানৰ পৰা খেতি পথাৰ, ঘাইপথ-ৰে’লপথ। ছিগিছে মথাউৰি, ৰে’লপথ, ঘাইপথ। উটুৱাই নিছে দলং, ঘৰ-বাৰী।
ভয়াৱহ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা বৃদ্ধি হৈ হৈছে ২৫। আনহাতে, বানৰ সোঁতত উটি গৈ ৮জন সন্ধানহীন বুলি প্রশাসনৰ সূত্রত প্ৰকাশ। সকলো মিলাই প্ৰলয়ঙ্কৰী বানত বিধ্বস্ত ৰাজ্যৰ প্রায় ৩১ লাখ লোক।
ৰাজ্যিক প্রশাসনৰ সূত্ৰ মতে, নিহত ২৫ জনৰ ভিতৰত আছে চাৰিটা শিশু। সকলো মিলাই চলিত বছৰত ৰাজ্যত বান আৰু ভূমিস্খলনত মৃত্যু হৈছে ৬২ জনৰ। ৰাজ্যৰ ৩২খন জিলায়েই বানবিধ্বস্ত। ব্রহ্মপুত্র নদীৰ বানে বুৰাইছে ৪,২৯১খন গাঁও। বিপুলভাবে ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যৰ কৃষি খণ্ড। প্রায় ৬৬,৪৫৫ হেক্টৰ কৃষিভূমি এতিয়া পানীৰ তলত ডুবি আছে।
ইতিমধ্যে বানাক্ৰান্তসকলৰ বাবে চৰকাৰে ৫১৪টা আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিছে। তাত ডেৰ লক্ষধিক লোকে আশ্রয় লৈছে। বজালী, বাক্সা, বৰপেটা, গোৱালপাৰা, কামৰূপ, কৰিমগঞ্জ, লখিমপুৰ, মাজুলী, নগাঁও, নলবাৰী, শিৱসাগৰৰ দৰে জিলাবোৰ অধিক ক্ষতিগ্ৰস্ত হৈছে।













