
কৃত্ৰিম বানৰ মাজতেই ৰাজ্যত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। শুকুৰবাৰে তামুলপুৰ জিলাৰ কচুবাৰীৰ নিবাসী দেৱজিৎ দে নামৰ এজন কিশোৰে দুই বন্ধুৰ সৈতে স্কুটীৰে ফুৰিবলৈ ওলাই যায়। কিন্তু স্কুটীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা এটা বৈদ্যুতিক খুঁটাত খুন্দা মাৰে।
দুৰ্ঘটনাৰ পিছতে তিনিওজন কিশোৰ সমীপৰ এটা বোৱতী জানৰ পানীত বাগৰি পৰে। স্থানীয় লোকে জানৰ পৰা দুজন কিশোৰক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও বৰ্তমানেও সন্ধানহীন হৈ আছে দেৱজিৎ দে নামৰ কিশোৰজন। ইতিমধ্যে, ঘটনাস্থলীত এছডিআৰএফ বাহিনী উপস্থিত হৈ কিশোৰজনৰ সন্ধানত অভিযান চলাই যদিও দেৱজিতৰ সন্ধান পোৱা হোৱা নাই।













