![]()
কৃষিমন্ত্ৰী অতুল বৰাৰ কনভয়ৰ খুন্দাত নিহত এজন ৷ নিহত লোকজনৰ নাম হৈছে মানস প্ৰতিম দাস (৩২) ৷ জানিব পৰা মতে এ এছ ২৫ ই চি ২০৯৩ নম্বৰৰ কনভয়টো গুৱাহাটীৰ পৰা কলিয়াবৰলৈ আহি আছিল ৷ গাড়ী খনে নিয়ন্ত্ৰন হেৰুৱাই মানসপ্ৰতিমক খুন্দা মাৰি পথৰ কাষত বাগৰি পৰে ৷
ফলত গুৰুতৰ ভাবে আহত হয় মানস ৷ লগে লগে নগাঁও অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও মানসপ্ৰতিমৰ মৃত্যু হয় ৷দুৰ্ঘটনাটোত কনভয়টোত থকা চাৰিজন আৰক্ষী কনিষ্টবলো আহত হয় ৷ আহত কেইজনৰ নাম হৈছে ভবেশ দাস,দীপক ৰাভা,নুৰিমণ আলি আৰু কল্যান পাঠক ৷













