![]()
যোৰহাট জিলাৰ মৰিয়নীৰ চেলেংহাটত আৰক্ষী চকীত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। নিজৰ চাৰ্ভিছ পিষ্টলেৰে মূৰত গুলীয়াই আত্মঘাটী হয় ভূপেন দিহিংগীয়া নামে এজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া।
উত্তৰ লখিমপুৰৰ নিবাসী ভূপেন দিহিংগীয়াই মাত্ৰ ৩ দিন পূৰ্বে নতুনকৈ চেলেংহাট আৰক্ষী চকীত যোগদান কৰিছিল। কিন্তু দেওবাৰে দিনত নিজৰ কোৱাৰ্টাৰত তেওঁৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ হয়। এই সমগ্ৰ ঘটনাটোত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।












