![]()
ব্ৰহ্মপুত্ৰ বুকুত জাহ গ’ল এখন নাওঁ। ডিব্ৰুগড়ৰ ৰহমৰীয়াত আজি পুৱাৰ ভাগত সংঘটিত হৈছে এই ঘটনা। ৰহমৰীয়া মৌ মাৰি ঘাটৰ পৰা দেওবৰীয়া বালিজান ঘাটলৈ এখন তুলুঙা নাওঁৰে ৯ জন লোক গৈ আছিল।
জানিব পৰা মতে, ডিব্ৰুগড় জিলাৰ চাবুৱা ৰহমৰীয়াত ব্ৰহ্মপুত্ৰৰ পলভঙা চাপৰি পৰা এখন ভূটভূটি নাওঁত গাখীৰ আৰু শাক পাচলি লৈ দেওবৰীয়া বজাৰ বালিজান ঘাটলৈ আহিছিল।
ভৰ বাৰিষাৰ সময়ত ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত নাওঁখনে সমতা স্থাপন কৰিব নোৱাৰি গভীৰ ব্ৰহ্মপুত্ৰত উলটি যায়।প্ৰত্যক্ষদৰ্শী নাওৰীয়াই জনোৱা মতে, ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতে নাওঁখন বহু দূৰলৈ উটুৱাই নিয়ে আৰু পাছত ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ পৰে।
উক্ত ভয়ংকৰ নাওঁ দূৰ্ঘটনাটোত ৫ জন লোকে সাঁতুৰি ব্ৰহ্মপুত্ৰৰ এটা বালিচৰত উঠিবলৈ সক্ষম হয় যদিও আন ৪ জন লোক এতিয়াও সন্ধানহীন হৈ আছে।ঘটনাস্থলীত ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিত পেগু, আৰক্ষী অধীক্ষক শ্বেতাং মিশ্ৰা উপস্থিত হোৱাৰ লগতে এনডিআৰএফ আৰু এচডিআৰএফৰ উদ্ধাৰকাৰী দলে ব্ৰহ্মপুত্ৰৰ বুকুত অভিযান তীব্ৰতৰ কৰি তুলিছে।
সন্ধানহীন লোককেইজন হৈছে ধমেন দাস, শিৱশংকৰ যাদৱ, ঠুংকু কুৰ্মী আৰু কিষণ যাদৱ। আনহাতে, জীৱন্তে উদ্ধাৰ হোৱা পাঁচজন লোকক সঞ্জীৱ ডাং নামৰ এজন লোকে নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি এখন নাওঁৰ সহায়ত জীৱন্তে উদ্ধাৰ কৰে।













