
লংকা-লামডিং সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এছ টাৰ্ণিঙত হোৱা পথ দুৰ্ঘটনাত চেলিছ ক্ৰচিং চেণ্টাৰ নামে এটি ফুটবল খেলুৱৈ দল গুৰুত্বৰভাৱে আহত হয়। ১৭ জন খেলুৱৈ সহ সৰ্বমুঠ ৩০ জন ব্যক্তিক লৈ মালবাহী মেজিক বাহন এখনে লামডিংৰ পৰা লংকাৰ চিংজুৰিলৈ আহি আছিল। চিংজুৰিত আজি ফুটবলৰ ফাইনেল খেল অনুষ্ঠিত হোৱাৰ কথা আছিল।
দলটোৰ প্ৰতিগৰাকী খেলুৱৈক লংকা প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। তাৰ মাজৰেই ৫ জন খেলুৱৈৰ অৱস্থা অতি সংকটজনক হোৱাৰ হেতু উন্নত চিকিৎসাৰ বাবে হোজাইৰ হাম চিকিৎসালয়লৈ প্ৰেৰণ কৰে।দুৰ্ঘটনাটোত খেলুৱৈ সহ আন ১৭ জন আহত হয়। আটাইকেইজনকে ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।













