![]()
ত্ৰয়োদশ কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদলৈ কাৰ্বি আংলং জিলাৰ গোৰ্খা সম্প্ৰদায়সকলক প্ৰতিনিধিত্ব কৰিবলৈ ভীম বাহাদুৰ লামা ওৰফে ৰঞ্জিত লামাক মনোনীত সদস্য হিছাপে লবলৈ দাবী উত্থাপন কৰিছে গোৰ্খা জাতীয় সংগঠন আৰু গোৰ্খা ৰাইজে।
আজি ডিফুস্থিত মাৰোৱাৰী বিবাহ ভৱনত অনুষ্ঠিত হোৱা এক সভাত উক্ত প্ৰস্তাৱ গ্ৰহণ কৰা হয় বুলি জানিব পৰা গৈছে। গোৰ্খা গাঁওবুঢ়া, মহিলা সমাজ, নেতা-কৰ্মীসকলে সন্মিলতভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে গোৰ্খাসকলৰ একাংশ প্ৰতিনিধি বৰ্গই।












