
কৃষি বিভাগৰ বকলীয়াঘাট কৃষি চক্ৰ কাৰ্যালয়ৰ উদ্যোগত আজি বকলীয়াঘাটত কৃষকসকলৰ মাজত শালিধানৰ কঠিয়া বিতৰণ কৰা হয়। এই উদ্দেশ্যে লাংফেৰৰ ভি ডি চি কাৰ্যালয়ত আয়োজন কৰা লাংফেৰৰ নৱ নিৰ্বাচিত এম এই চি মধুৰাম লেখথেৰ উপস্থিতিত এছ অʼ পি ডি 2022-2023 আঁচনিৰ অধীনত এলেকাটোৰ 249 গৰাকী কৃষকৰ মাজত 20 কুইন্টল স্বৰ্ণ চাব-1 প্ৰজাতিৰ ধানৰ কঠিয়া বিতৰণ কৰা হয়।
অনুষ্ঠানটোত উপস্থিত থাকি প্ৰদান কৰা ভাষণত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ লাংফেৰৰ জনপ্ৰতিনিধি মধুৰাম লেকথেই আহিবলগীয়া দিনবোৰত স্বচ্ছতা সততাৰে সকলো চৰকাৰী আঁচনি ৰূপায়ণ কৰাৰ বাবে সকলোকে আহ্বান জনায়।
কৃষি বিভাগৰ বকলীয়াঘাট কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া ৰুখেশ্বৰ তিমুং, বিজেপিৰ লাংফেৰ মণ্ডলৰ সভাপতি দৰছিং ৰংপি তথা কৃষি বিভাগৰ ভালেসংখ্যক বিষয়া-কৰ্মচাৰী সভাখনত উপস্থিত থাকে।













