![]()
ডিফু জিলা সত্ৰ ন্যায়াধীশৰ আদালতে আজি অবৈধভাৱে ভাং সৰবৰাহৰ অপৰাধত মুকুট দাস নামৰ অপৰাধীটোক দহ বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে এক লাখ টকাৰ জৰিমনাৰ নিৰ্দেশ প্ৰদান কৰে।
সেই অনুসৰি, বোকাজান থানাৰ 21/14 নম্বৰৰ গোচৰৰ ভিত্তিত ডিফু সত্ৰ ন্যায়াধীশৰ আদালতত চলা বিচাৰত আঠজন লোকৰ সাক্ষ্য গ্ৰহণৰ অন্তত সত্ৰ ন্যায়াধীশ মঃ আব্দুল হাকিমে মুকুট দাসক দোষী সাব্যস্ত কৰি দহ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে এক লাখ টকাৰ জৰিমনা বিহে।
জৰিমনা আদায় দিব নোৱাৰিলে অতিৰিক্ত এবছৰৰ কাৰাদণ্ডৰ হুকুম দিয়া হয়। চৰকাৰী পক্ষৰ হৈ পাব্লিক প্ৰচিকিউটৰ দিলীপ কুমাৰ ডেকাই যুক্তি প্ৰদৰ্শন কৰাৰ বিপৰীতে আচামী পক্ষৰ হৈ যুক্তি আগবঢ়ায় অধিবক্তা ৰুবী চৰকাৰ আৰু চোনম স্বামীয়ে।













