![]()
দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থী হিচাবে নিৰ্বাচিত কৰা হৈছে দলিত সম্প্ৰদায়ৰ নেত্ৰী দ্ৰৌপদী মুৰ্মূক। তেওঁক প্ৰাৰ্থীত্ব প্ৰদানৰ পিছত প্ৰকাশ কৰিছে প্ৰথম প্ৰতিক্ৰিয়া। উল্লেখ্য, মঙলবাৰে ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপালগৰাকীক এন ডি এই পৰৱৰ্তী ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰূপে ঘোষণা কৰে৷
দ্ৰৌপদী মুৰ্মূ আছিল ঝাৰখণ্ডৰ অষ্টমগৰাকী ৰাজ্যপাল৷ ওডিশাৰ জনজাতীয় নেত্ৰীগৰাকীক দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপে এন ডি এই প্ৰক্ষেপ কৰাটো তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। মন কৰিবলগীয়া যে বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দো হৈছে দলিত সম্প্ৰদায়ৰ এগৰাকী প্ৰবীণ নেতা৷
দ্ৰৌপদী মুৰ্মূক ৰাষ্ট্ৰপতিৰ প্ৰাৰ্থীত্ব প্ৰদানত তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, এই সিদ্ধান্তৰ বাবে এন ডি এক ধন্যবাদ জনাইছো। পিছপৰা আৰু জনজাতীয় লোকসকলৰ বাবে বিজেপি নেতৃত্বাধীন এন ডি এই সদায় চিন্তা কৰি আছে। তাৰেই প্ৰমাণ এয়া। ভৱিষ্যতে মই মোৰ পদমর্যাদা আৰু সাংবিধানিক দায়িত্ব পালন কৰি চলিবলৈ চেষ্টা কৰিম।











