
ত্ৰয়োদশ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ বাবে আজি বিনা প্ৰতিদ্বন্ধিতাৰে সন্মানীয় অধ্যক্ষ পদলৈ নিৰ্বাচিত হয় ১৪ নং কৰকাণ্ঠি পৰিয়দীয় সমষ্টিৰ নিৰ্বাচিত সদস্য ৰাজু তিচ’ ৷
ইয়াৰ বিপৰীতে ত্ৰয়োদশ কাৰবি যোৱা ২১ জুনত কাৰ্বি আংলং জিলা স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ পদৰ বাবে মনোনয়ন দাখিল কৰাৰ পিছত আজি পৰিষদখনত বিৰোধী শূন্য হোৱাৰ বাবে ৰাজু তিছ’ পৰিষদখনৰ অধ্যক্ষ পদলৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰে কাৰ্বি আংলং জিলাৰ উপায়ুক্ত দিবাকৰ নাথে।
ৰাজু তিছ’ পৰিষদখনৰ ২৯ সংখ্যক অধ্যক্ষ হিচাপে পৰিগণিত হয়। উল্লেখযোগ্য যে, ৰাজু তিছʼৱে কৰকান্ঠি সমষ্টিৰ পৰা দ্বিতীয় বাৰলৈ পৰিষদলৈ নিৰ্বাচিত হৈ অধ্যক্ষ পদত প্ৰথমবাৰৰ বাবে অধিস্থিত হয় ।
ইফালে নৱ নিৰ্বাচিত অধ্যক্ষগৰাকীক পৰিষদৰ সদস্যসকলে অভিনন্দন জ্ঞাপন কৰি শুভেচ্ছামূলক বক্তব্য ৰাখে। আনহাতে , পৰিষদখনৰ মুখ্য কাৰ্যবাহী সদস্য পদৰ বাবে আজি ডঃ তুলিৰাম ৰংহাঙে মনোনয়ন পত্ৰ দাখিল কৰে।













