
নগাঁও কলেজ (অট’ন’মাচ) ৰ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ উদ্যোগত আৰু ছাত্ৰ একতা সভা, এন . এছ. এছ গোট -১, গোট-২ ৰ সহযোগত চুইজাৰলেণ্ডৰ আৰ্হিৰে নগাঁও কলেজ পৰিয়ালৰ অকলশৰীয়া তথা নিসংগ লোকক সহায় কৰাৰ লক্ষ্যৰে স্থাপন কৰা ‘সাৰথি দ্য টাইম বেংক’ ৰ আজি উদ্বোধন কৰা হয়।
নগাঁও সদৰ সমষ্টিৰ বিধায়ক তথা নগাঁও কলেজ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সভাপতি ৰূপক শৰ্মাই ‘সাৰথি দ্য টাইম বেংক’ উদ্বোধন কৰি নগাঁও কলেজৰ এনে ব্যতিক্ৰমী পদক্ষেপ ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথম বুলি মন্তব্য কৰে। প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সভাপতি হিচাপে বিধায়ক শৰ্মাই নগাঁও কলেজে জনহিতাৰ্থে গঠন কৰা ‘টাইম বেংক’ লৈ তেওঁৰ বিধায়ক পুঁজিৰ পৰা এখন এম্বুলেন্স আৰু দুটা অক্সিজেন কনচেনট্ৰেটৰ আগবঢ়াব বুলি ঘোষণা কৰে।
জনহিতাৰ্থে গঠন কৰা ‘টাইম বেংকলৈ’ ভৱিষ্যতে সহায়-সহযোগিতা আগবঢ়াব বুলি বিধায়ক শৰ্মাই ঘোষনা কৰে। টাইম বেংকত ভালে সংখ্যক ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপক-অধ্যাপিকাই পাচ বুক খোলাৰ লগতে কিছু সংখ্যকক বিধায়ক ৰূপক শৰ্মাই নিজ হাতে পাচ বুক প্ৰদান কৰে।
নগাঁও কলেজ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড০ ভুৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে কলেজখনৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে। অধ্যক্ষ ড: বৰকটকীয়ে এন. এছ. এছ আৰু অধ্যাপক-অধ্যাপিকাৰ উদ্যোগত গঠিত এই ‘টাইম বেংক’ মানৱীয়তাৰ ক্ষেত্ৰত এক নিদৰ্শন হ’ব বুলি উল্লেখ কৰে।













